NORTHEAST NOW (Assamese)

অসমত আৰু চাৰি ক’ভিড ৰোগীৰ মৃত্যু, মুঠ ১৫৫লৈ বৃদ্ধি

August 11, 2020 9:54 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

আৰু চাৰিগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু মঙলবাৰলৈকে মৃতকৰ সংখ্যা ১৫৫লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা ৰোগীকেইগৰাকী হৈছে— কাছাৰৰ সঞ্চিতা পাল চৌধুৰী (৬৫), স্বপ্না চৌধুৰী (৬৪) আৰু য়াহিয়া আহমেদ বৰভূঞা (৪০) আৰু ডিব্ৰুগড়ৰ ৰমা ৰায় (৫৮)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত সোমবাৰলৈকে ১৫১গৰাকী ব্যক্তিয়ে ক’ভিডত প্ৰাণ হেৰুৱাইছিল।

ইয়াৰ বিপৰীতে ৪৩,৫৮৬গৰাকী ব্যক্তিয়ে অসমত এতিয়ালৈকে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত সোমবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ১৭,৯৯৭গৰাকী।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News