NORTHEAST NOW (Assamese)

অসমত আৰু চাৰি ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতক ৮৩৪লৈ বৃদ্ধি

October 14, 2020 10:11 pm · এন ই নাও নিউজ

আৰু চাৰিগৰাকী ক’ভিড ৰোগীয়ে অসমত বুধবাৰে প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৮৩৪লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে ডিব্ৰুগড়ৰ বিক্ৰম নেৱাৰ (৪৪), ধেমাজিৰ হৰকান্ত দলে (৫৬), যোৰহাটৰ তপন চক্ৰবৰ্তী (৭৪) আৰু বিশ্বনাথৰ ভবেন চন্দ্ৰ দাস (৯৭)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

মঙলবাৰলৈকে অসমত ৮৩০গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৬৭,০৫৬গৰাকী ব্যক্তিয়ে মঙলবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত মঙলবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ২৮,৮৯৭ (।)

অসমত মঙলবাৰলৈকে ১,৯৬,৭৮৬গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News