NORTHEAST NOW (Assamese)

অসমত আৰু চাৰি ক’ভিড ৰোগীৰ মৃত্যু

July 23, 2020 10:40 pm · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক ফটো।

অসমত বৃহস্পতিবাৰে আৰু চাৰিগৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে।

মৃত্যু হোৱা লোককেইজন হৈছে– কামৰূপ মেট্ৰোৰ বি এল অজিত চাৰিয়া (৭৫),জম্মু-কাশ্মীৰৰ বলদেৱ সিং (৪৩), কৰিমগঞ্জৰ চেমিম আহমেদ (৪০) আৰু কোকৰাঝাৰৰ দিলীপ কুমাৰ ৰয় (৫৩)।

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনাইছে এই কথা।

টুইটাৰযোগে মৃতকৰ পৰিয়ালৰ ওচৰত মন্ত্ৰীগৰাকীয়ে সমবেদনা জ্ঞাপন কৰিছে।

বুধবাৰে দুগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছিল আৰু আজি পৰ্যন্ত ৰাজ্যত মুঠ মৃতকৰ সংখ্যা ৭০ গৰাকীলৈ বৃদ্ধি পাইছে।

বুধবাৰে মৃত্যু হোৱা ব্যক্তি দুগৰাকী হৈছে যোৰহাটৰ আলোক ঘোষ (৫৪) আৰু কামৰূপ মহানগৰৰ হৰেন বড়ো (৪৭)।

Related News