বিদ্যুৎ বিভাগৰ গাফিলতি : বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু চাৰিটাকৈ দুষ্প্ৰাপ্য শিয়ালৰ

বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে প্ৰাণ হেৰুৱালে বিলুপ্তিৰ গৰাহলৈ সোমাই যোৱা চাৰিটাকৈ দুষ্প্ৰাপ্য শিয়ালে। কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত বংগেশ্বৰী গাঁৱত শনিবাৰে নিশা বিদ্যুৎস্পৃষ্ট হৈ পোৱালিসহ মৃত্যু হৈছে চাৰিটাকৈ শিয়ালৰ। আভ্যোগ অনুসৰি বিদ্যুৎ সংযোগ দিয়া তাঁৰ অতি পুৰণি হোৱা বাবে দুর্বল হৈ পৰিছে। পুৰণি হোৱাৰ বাবেই তাঁৰ ছিগি পৰিছে। তাঁৰ ছিগাৰ পিছতো তাঁৰৰ মাজেৰে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবহন হৈ থাকে। যাৰ বাবে তাঁৰত লাগি মৃত্যুক আকোৱালি লয় নিমাখিত প্ৰাণী কেইটাই।

স্থানীয় ৰাইজে জনোৱা মতে, ৰংগেশ্বৰী আৰু ভখুৰাদিয়া সংযোগী উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰকেইডাল বর্তমান দুবর্ল হৈ পৰিছে। ফলত প্ৰায়ে তাৰ ছিগি সংঘটিত হয় বিভিন্ন অঘটন।

জানিব পৰা মতে, এনেদৰে তাঁৰ ছিগি পৰাৰ বাবে আজি কেইদিনমান আগত মৃত্যু হৈছিল এটি পশুধনৰ।

এনে ঘটনাৰ সন্মুখীন হৈ অহা অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিনে বিজুলী পৰিবাহী তাঁৰসমূহ নতুনকৈ লগাবলৈ বিদ্যুৎ বিভাগক দাবী জনাই আহিছে যদিও বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে একো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে।