NORTHEAST NOW (Assamese)

পাঠশালাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড; জাহ গ’ল চাৰিখন দোকান

December 23, 2019 8:20 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

কালি অৰ্থাৎ বুধবাৰে নিশা বজালী জিলাৰ পাঠশালাত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত কেইবাখনকৈ দোকান তথা ব্যৱসায়ীক প্ৰতিষ্ঠান জ্বলি ভস্মীভূত হয়।

প্ৰাপ্ত তথ্য মতে নিশা পাঠশালা ৰে’লৱে ষ্টেশ্যনৰ সমীপৰ এখন হোটেলত এই জুইৰ সূত্ৰপাত হয়। স্বৰ্ট চাৰ্কিটৰ বাবে হোটেলত থকা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলতে অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে।

ক্ষয়ক্ষতিৰ সঠিক পৰিমাণ জানিব পৰা হোৱা নাই যদিও অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী নষ্ট হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

আনহাতে ঘটনাৰ খবৰ লাভ কৰি অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় যদিও ইতিমধ্যে সমীপৰ চাৰিখন দোকানলৈ জুই বিয়পি পৰে।

অৱশ্যে পিছত স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়। অগ্নিকাণ্ডত এখন বাইকো জাহ যায়।

Related News