পুনৰ চাৰিজন সন্দেহযুক্ত ৰহিংগ্যা শৰণাৰ্থীক গ্রেপ্তাৰ

Rohingya-1-750x375

অসম-ত্ৰিপুৰা সীমান্তত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰহিংগ্যা শৰণাৰ্থীৰ ফাইল ফটো(প্ৰতিনিধিত্বমূলক)।

ত্ৰিপুৰা আৰক্ষীয়ে ৰাজ্যখনৰ উনাকোটি জিলাৰ কৈলাচহৰ অঞ্চলত চাৰিজন সন্দেহযুক্ত ৰহিংগ্যা শৰণাৰ্থীক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষী সূত্ৰই কয় যে এগৰাকী মহিলা আৰু তিনিগৰাকী নাবালককে ধৰি চাৰিজন ৰহিংগ্যা শৰণাৰ্থীক সোমবাৰে সন্ধিয়া জিলাখনৰ ইৰানিয়া আৰক্ষী থানাৰ অন্তৰ্গত য়াজিখৌৰা গাঁৱৰ ছফিক আলী নামৰ এজন লোকৰ গৃহৰ পৰা আটক কৰা হয়।

‘’তেওঁলোকে অসমৰ শিলচৰ চহৰৰ পৰা ৰে’লেৰে ইয়ালৈ আহিছিল। আলীয়ে তেওঁলোকক আশ্ৰয় দিয়াৰ লগতে সহায় আগবঢ়াইছিল,’’-ইৰানিয়া আৰক্ষী থানাৰ এগৰাকী বিষয়াই সাংবাদিকৰ আগত এইদৰে কয়।

আৰক্ষীয়ে তেওঁলোকে বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ সন্দেহ কৰিছে। আৰক্ষীয়ে এক তালাচী অভিযানত আলীৰ ঘৰত তালাচী চলায় তেওঁলোকক আটক কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰহিংগ্যা শৰমাৰ্থীকেইজনক পাছত কৈলাচহৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়। আদালতে নাবালক তিনিজনক এক শিশুগৃহলৈ পঠিওৱাৰ বিপৰীতে মহিলাগৰাকীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ বিগত জানুৱাৰি মাহৰ পৰা ত্ৰিপুৰাৰ বিভিন্ন প্ৰান্তৰ পৰা ৫০জনতকৈয়ো অধিক ৰহিংগ্যা শৰণাৰ্থীক গ্ৰেপ্তাৰ কৰা হৈছে।