অৱসৰৰ দিনাই আনুষ্ঠানিকভাৱে পেন্সনৰ অনুমোদন পত্ৰ প্ৰদান নগাঁৱৰ চাৰি শিক্ষক-কৰ্মচাৰীক

IMG-20210130-WA0006(1)

চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ দিনাই নগাঁৱৰ চাৰি গৰাকীকৈ শিক্ষক-কৰ্মচাৰীক পেন্সনৰ যাৱতীয় অনুমোদন পত্ৰ প্ৰদান কৰা হয়।

আজি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰা শিক্ষক-কৰ্মচাৰী কেইগৰাকী হ’ল ক্ৰমে জিলাখনৰ বঢ়মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ভৱানী ৰঞ্জন বৰা, জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দীপক কুমাৰ বৰা, ৰত্নাকান্ত বৰকাকতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক শশাংক শেখৰ শৰ্মা আৰু ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ সহায়ক সীমা গগৈ।

এই আটাইকেইগৰাকী শিক্ষক-কৰ্মচাৰীক আজি নগাঁও জিলা সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে আনুষ্ঠানিকভাৱে চাকৰিৰ অৱসৰৰ দিনাই পেন্সন নিয়মীয়াকৰণৰ যাৱতীয় নথি পত্ৰ প্ৰদান কৰে।

তদুপলক্ষে পৰিদৰ্শকগৰাকীৰ কাৰ্যালয়ত অনুষ্ঠিত এক আৱেগপূৰ্ণ সভাত চাৰিও গৰাকী শিক্ষক-কৰ্মচাৰীক সম্বৰ্ধনা জনোৱা হয়।

উক্ত অনুষ্ঠানত নগাঁও জিলা বিষয় শিক্ষক সংস্থা, নগাঁও জিলা মাধ্যমিক শিক্ষক সন্থা, নগাঁও জিলা কৰ্মচাৰী পৰিষদ, নগাঁও জিলা হাইস্কুল শিক্ষক সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

অনুষ্ঠানটো আঁত ধৰে জিলা কৰ্মচাৰী সন্থাৰ সভাপতি তথা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ মুখ্য সহায়ক কাতিবৰ চেঙাই।

উল্লেখ্য যে কাইলৈ অৰ্থাৎ ৩১ জানুৱাৰীত এইসকল শিক্ষক-কৰ্মচাৰীয়ে চাকৰিৰ পৰা অৱসৰ ল’ব যদিও কাইলৈ বন্ধৰ দিন হোৱা হেতুকে আজিয়েই তেওঁলোকক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱাৰ লগতে পেন্সন নিয়মীয়াকৰণ অনুমোদন পত্ৰৰ ব্যৱস্থা কৰে।

ইপিনে, অৱসৰ গ্ৰহণ কৰা প্ৰতিগৰাকী শিক্ষকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে তেওঁলোকে চাকৰিৰ পৰা আনুষ্ঠানিকভাৱে বাবে অৱসৰ গ্ৰহণ কৰিলেও ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে সময়ে সময়ে পাঠদান অব্যাহত ৰাখিব।

শিক্ষকসকলৰ এনে মহানুভৱতাক বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ লগতে শিক্ষাসদী মহলে ভুয়সী প্ৰসংশা কৰিছে।

ইপিনে, অৱসৰৰ পিছতো তেওঁলোকে পাঠদান অব্যাহত ৰখা কথাটোৱে এক আদৰ্শৰ প্ৰতীক হিচাপে চিহ্নিত হ’ব।