অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ; পুৱাই সেনাৰ গুলীত নিহত চাৰিজন উগ্ৰপন্থী
প্রতিনিধিত্বমূলক ফাইল ফটো।
জম্মু-কাশ্মীৰত পাকিস্তানী উগ্ৰপন্থীৰ অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ কৰিছে ভাৰতীয় সেনাই। শুকুৰবাৰে পুৱা কাশ্মীৰৰ কুপৱাৰাৰ মাচাল ছেক্টৰত পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা অনুপ্ৰৱেশ কৰা ৪ জন উগ্ৰপন্থীক সেনাই গুলীয়াই নিহত কৰে।
জম্মু-কাশ্মীৰ আৰক্ষী আৰু ভাৰতীয় সেনাৰ যৌথ অভিযানত এইদৰে উগ্ৰপন্থীকেইজনক গুলীয়াই নিহত কৰা হয়।
কাশ্মীৰ মণ্ডল আৰক্ষীয়ে এক টুইটযোগে কয় যে জম্মু-কাশ্মীৰ আৰক্ষী আৰু ভাৰতীয় সেনাই কুপৱাৰাৰ মাচল ছেক্টৰত যৌথ অভিযান চলাইছিল। গুলীচালনাত চাৰিজন উগ্ৰপন্থী নিহত হয়।
In a joint operation, Army and Police have killed four #terrorists in Kala Jungle of Machhal sector in #Kupwara who were trying to infiltrate to our side from POJK.@JmuKmrPolice
— Kashmir Zone Police (@KashmirPolice) June 23, 2023
যোৱা সপ্তাহত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৫জন বিদেশী উগ্ৰপন্থী নিহত হৈছিল। জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত অৱস্থিত জুমাগুণ্ড অঞ্চলত সংঘটিত হৈছিল এই ঘটনা।