• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংঘৰ্ষ জৰ্জৰ মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ বাবে অসমৰ বিশিষ্ট নাগৰিকৰ গোহাৰি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2023 1:24 pm
প্রতিনিধিত্বমূলক ফটো: মণিপুৰৰ হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণত নিৰাপত্তা বাহিনী।

প্রতিনিধিত্বমূলক ফটো: মণিপুৰৰ হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণত নিৰাপত্তা বাহিনী।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ অশান্ত পৰিস্থিতিয়ে আমাক উদ্বিগ্ন আৰু চিন্তান্বিত কৰি তুলিছে। আজি এমাহতকৈও বেছি দিন ৰাজ্যখনত ভাতৃঘাতী সংঘৰ্ষ চলি আছে। এশজনতকৈও অধিক লোক ইতিমধ্যে হিংসাৰ বলি হৈ মৃত্যুমুখত পৰিছে। শ শ ঘৰ-বাৰী জ্বলাই ধ্বংস কৰি পেলোৱা হৈছে। হাজাৰ হাজাৰ মানুহ নিজৰ ঘৰৰপৰা পলাই গৈ হাবিয়ে বননিয়ে লুকাই থাকিব লগা হৈছে।

ৰাজ্যখনত ইতিমধ্যে তিনিশ আশ্ৰয় শিবিৰ খোলা হৈছে। তেওঁলোকৰ বাবে বিভিন্ন ধৰণৰ সহায় আৰু সাহায্যৰ প্ৰয়োজন হৈছে। আনফালে, এক সৰ্বগ্ৰাসী ভয়, আতংক আৰু অনিশ্চয়তাই সমগ্ৰ মণিপুৰ ছানি পেলাইছে। মণিপুৰ এতিয়া এখন ৰাষ্ট্ৰহীন ৰাজ্য। মণিপুৰৰ জনসাধাৰণ হতাশাত ভাগি পৰিছে আৰু এক গভীৰ নিৰাপত্তাহীনতাত ভুগিছে।

মণিপুৰৰ এই অস্থিৰ অৱস্থাই আমাক ব্যথিত কৰি তুলিছে। এই মুহূৰ্ত্তত আমি মণিপুৰৰ দুৰ্গত জনসাধাৰণৰ দুখ আৰু বেদনাৰ প্ৰতি সমব্যথা প্ৰকাশ কৰিছোঁ। হিংসাৰ দ্বাৰা কেতিয়াও মণিপুৰৰ জনসাধাৰণৰ সমস্যাৰ সমাধান নহয়। বৰং ই সমস্যা অধিক জটিল আৰু ভয়াবহ কৰি স্বাৰ্থান্বেষী লোকসকলকহে সহায় কৰিব।

Apply Now

মণিপুৰৰ জনসাধাৰণে সন্মুখীন হোৱা এই দুৰৱস্থা আৰু বিপদৰ সময়ত অসমত থাকি আমি কি কৰিব পাৰোঁ? আমি কেৱল মেইটেই আৰু কুকি দুয়োটা জনগোষ্ঠীৰ লোকলৈ হিংসা পৰিহাৰ কৰি ৰাজ্যখনলৈ এক শান্তিৰ পৰিবেশ ঘূৰাই আনিবলৈ গোহাৰিহে জনাব পাৰোঁ।

আমি সকলোৱে উপলব্ধি কৰা উচিত যে পাৰস্পৰিক ঘৃণা আৰু হিংসাই সমস্যা সমাধানত সহায় নকৰে। বৰং, ই দুয়োটা জনগোষ্ঠীৰ জীৱন অধিক দুৰ্বিষহহে কৰি তুলিব। হিংসা শীঘ্ৰেই বন্ধ হ’ব লাগিব। এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। তেওঁলোকে ৰাজ্যখনলৈ এক শান্তিৰ বাতাবৰণ ঘৃৰাই আনিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিব লাগিব। মণিপুৰৰ এনে অৱস্থাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী এতিয়ালৈকে নিশ্চুপ হৈ থকাত আমি বিচূৰ্তি মানিছোঁ। অনতিবিলম্বে ৰাজ্যখনলৈ শান্তি আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাত তেওঁৰ হস্তক্ষেপ অতি জৰুৰী।

অসম নাগৰিক সমাজৰহৈ এইদৰে আহ্বান জনোৱা গোহাৰি পত্ৰত স্বাক্ষৰ কৰা বিশিষ্ট  ব্যক্তিসকল হৈছে-

নিৰুপমা বৰগোহাঞি, হীৰেন গোহাঁই, নগেন শইকীয়া, কুলদা কুমাৰ ভট্টাচাৰ্য্য, থমাছ মেনমপৰমপীল, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, জাহ্নু বৰুৱা, লক্ষ্মী গোস্বামী, বিমল ফুকন, শংকৰলাল গোৱেংকা, পৰমানন্দ মহন্ত, অৰূপ কুমাৰ দত্ত, হাইদৰ হুছেইন, তপোধীৰ ভট্টাচাৰ্য, অপূৰ্ব শৰ্মা, অপূৰ্ব কুমাৰ বৰুৱা, অৰূপা পটংগীয়া কলিতা, অনুৰাধা দত্ত, দুলাল চন্দ্ৰ গোস্বামী, গিৰীন ফুকন, নোমল বৰা, নিত্য বৰা, হৰ্ষ ভট্ট, প্ৰশান্ত ৰাজগুৰু, প্ৰীয়ম গোস্বামী, সন্ধ্যা গোস্বামী, শ্ৰীনাথ বৰুৱা, চন্দ্ৰমোহন শৰ্মা, তাৰকেশ্বৰ চৌধুৰী, যাদৱ পায়েং, লোকনাথ গোস্বামী, জ্যোতিৰ্ময় জানা, আব্দুল মান্নান, চন্দ্ৰকান্ত দাস, ধীৰেন্দ্ৰনাথ শইকীয়া, আবু নাছেৰ চৈঈদ আহমেদ, বসন্ত ডেকা, মনোৰমা শৰ্মা, প্ৰভাত বৰা,কমল নয়ন চৌধুৰী, পদ্মপাণি, পৰেশ মালাকাৰ, অজিত চন্দ্ৰ তালুকদাৰ, ৰশ্মি গোস্বামী, ইন্দ্ৰাণী দত্ত, কালীপ্ৰসাদ শৰ্মা, পৰমানন্দ মজুমদাৰ, মাইনী মহন্ত, শান্তনু বৰঠাকুৰ, দীপক গোস্বামী, পৱন চহৰীয়া, অখিল ৰঞ্জন দত্ত, দ্বীপেন বেজবৰুৱা, ৰাজীৱ সন্দিকৈ, ময়ুৰ বৰা, সুশান্ত কৰ, নজিবুদ্দিন আহমেদ, ভৱেশ ভাগৱতী, অনিল কুমাৰ চৌধুৰী, উজ্জ্বল ভৌমিক, বংশীধৰ বেজবৰুৱা, দুদুলমণি শৰ্মা, উত্তম বাথাৰী, মাধুৰ্য বৰুৱা, ত্বাহা আমিন, আৰু পদ্মলোচন নাথ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd