সৰ্বনাশী হ’বলৈ গৈ থকা নিৰ্মিয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছে ভয়ানক ঘটনা। এন এইছ পি চিৰ পাৱাৰ হাউছত যোৱা ৩০ ছেপ্তেম্বৰ তাৰিখে এই ঘটনা সংঘটিত হৈছে ।
আনকি ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাক এন এইচ পি চিয়ে গাপ দিয়াৰ চেষ্টা কৰিছে বুলিও অভিযোগ উত্থাপন হৈছে।
খবৰ অনুসৰি, যোৱা ৩০ ছেপ্তেম্বৰত প্ৰকল্পটোৰ পাৱাৰ হাউছৰ কংক্ৰিটৰ পাইপ ফাটি ৪জন শ্ৰমিকৰ গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছিল। সংকটজনক অৱস্থাত বৰ্তমানেও শ্ৰমিক কেইজন চিকিৎসাধীন হৈ আছে।
বিভিন্ন মহলে দাবী কৰা মতে, এনে ধৰণৰ ভয়ংকৰ ঘটনা ঘটিয়ে আছিল এন এইছ পি চিত, যিবোৰ গাপ দি আহিছে কৰ্তৃপক্ষই।
জানিব পৰা মতে, ৩০ ছেপ্টেম্বৰত পাৱাৰ হাউছত কংক্ৰিটৰ এটা পাইপ ফাটি পৰাত ৪ জন শ্ৰমিকক কংক্ৰিটেৰে হেঁচা মাৰি ধৰে। আন শ্ৰমিকৰ তৎপৰতাত শ্ৰমিককেইজনক জীৱন্তে উদ্ধাৰ কৰা হয় যদিও কৰ্তৃপক্ষই ঘটনা গোপনে ৰাখি ভুক্তভোগীকেইজনক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যায়।
লগতে পঢ়কঃ ‘বিদেশী বিনিয়োগকাৰীৰ বাবে ভাৰত সুৰক্ষিতনে?’ নিউজক্লিক তালাচী সন্দৰ্ভত কি ক’লে আমেৰিকান বিনিয়োগকাৰীয়ে?
লগতে পঢ়কঃ এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত; আজি নগাঁৱত চি বি আইয়ে জেৰা কৰিব এছ পি লীনা দলেক
লগতে পঢ়কঃ চলিত মাহতে সূৰ্যগ্ৰহণ-চন্দ্ৰগ্ৰহণ; ভাৰতত কেতিয়া দেখা যাব, চাওক সবিশেষ