ৰংজুলি আৰু কৃষ্ণাইত সংঘটিত দুটা পৃথক পথ দুৰ্ঘটনাত নিহত ৪ জনকৈ যুৱক

Four youths died in two separate road accidents যোৱা নিশা ৰংজুলি আৰু কৃষ্ণাইত সংঘটিত দুটা পৃথক পথ দুৰ্ঘটনাত ৪ জনকৈ যুৱক নিহত হোৱাৰ লগতে এজন যুৱক গুৰুতৰভাবে আহত হয়।

প্ৰথমটো ঘটনা সংঘটিত হয় ৰংজুলি থানাৰ অন্তৰ্গত দৰংগিৰিৰ পেট্ৰ’ল ডিপোৰ সমীপৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। পালচাৰ বাইকেৰে(AS-18-K-6829) দুধনৈৰ পৰা ৰাস মহোৎসৱ উপভোগ কৰি ধনুভাঙালৈ আহি থকা অৱস্থাত দৰংগিৰিৰ পেট্ৰ’ল ডিপোৰ সমীপত অচিনাকি বাহনে বাইকখনক খুন্দিয়াই যোৱাৰ ফলত দুজন যুৱক থিতাতে নিহত হয়।

লগতে পঢ়ক: ইনষ্টা-ৰিল বনাবলৈ গৈ মৃত্যু? ঘৰৰ পৰা ওলমি থকা অৱস্থাত উদ্ধাৰ ১৩ বছৰীয়া কিশোৰৰ মৃতদেহ

আনহাতে, বাইক খনত থকা আন এজন যুৱক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু ঘটে। নিহত যুৱক কেইজন হ’ল-ধনুভাঙাৰ গুলিয়ানপাৰাৰ অৱনী বড়ো ,দুধনৈ-পুৰণিভিটাৰ জিতুল ৰাভা আৰু ধনুভাঙা-দুৰামাৰীৰ মানৱ বড়ো৷

ইপিনে, গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বেকীপুলত নিশা আন এক শোকাৱহ পথ দুৰ্ঘটনা ঘটে ৷ এই দুৰ্ঘটনাত এজন বাইক আৰোহী নিহত আৰু এজন গুৰুতৰভাৱে আহত হয় ৷ আহত আৰু নিহত দুয়োৰে ঘৰ গোৱালপাৰা চহৰত বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাটো সংঘটিত হৈছে বেকীপুলৰ পেট্ৰ’ল পাম্পৰ কাষৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৷

জানিব পৰা মতে, নিশা দুধনৈৰ ফালৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গোৱালপাৰা অভিমুখে আহি থকা As-18J-0681 নম্বৰৰ পালচাৰ বাইকখনে একে দিশত গৈ থকা আন এখন চাৰিচকীয়া বাহনৰ পিছফালৰ পৰা প্ৰচণ্ড বেগত খুন্দা মাৰে ফলত বাইক সহ দুই আৰোহী পথৰ ওপৰতে চিটিকি পৰে আৰু গুৰুতৰভাৱে আহত হয় ৷ দুৰ্ঘটনাত পতিত চাৰিচকীয়া বাহনখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

লগতে পঢ়ক: ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্য চৰকাৰে বিলুপ্ত কৰিলে ৮০০০ খালী হৈ থকা নিয়মীয়া শিক্ষকৰ পদ!

ঘটনাৰ সম্পৰ্কে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত লগে লগে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আহত দুই বাইক আৰোহীক উদ্ধাৰ কৰি ১০৮ এম্বুলেন্স সেৱাৰে গোৱালপাৰা অসমাৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে ৷ ইয়াৰে এজন বাইক আৰোহী চিকিৎসালয়ত মৃত্যু হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷