লামডিঙত বহি ৰাজ্যলৈ সৰবৰাহ কৰিব খোজা ১৪ বছৰীয়া কিশোৰী উদ্ধাৰ

human traficking

মানৱ সৰবৰাহৰাকী চক্ৰৰ কবলৰ পৰা উদ্ধাৰ হোৱা কিশোৰীগৰাকী

বুধবাৰে লামডিঙত নামনিমুৱা জনশতাব্দী এক্সপ্ৰেছৰ পৰা ৰে’ল আৰক্ষীয়ে এগৰাকী ১৪ বছৰীয়া কিশোৰীক নাৰী সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ঘটনাৰ বিৱৰণী অনুসৰি, ৭-৮ জনীয়া যুৱকৰ দল এটাই ১৪ বছৰীয়া কিশোৰীগৰাকীক ডিমাপুৰৰ পৰা বহি ৰাজ্যলৈ লৈ গৈ থকাৰ সময়তে লামডিঙত ৰে’ল আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰে।

প্ৰথমে ৰে’লৰ টিকত পৰীক্ষকৰ সন্দেহ ওপজাত ঘটনা সন্দৰ্ভত সোধা পোছা আৰম্ভ কৰে আৰু পৰৱৰ্তী সময়ত ৰে’ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।

আনহাতে, ৰে’ল আৰক্ষী অহাৰ পূৰ্বেই ৰে’লখনৰ দবাটোৰ পৰা যুৱককেইজনে পলায়ন কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীক সোধা-পোছা অব্যাহত ৰাখিছে।

ৰে’ল আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি উদ্ধাৰ হোৱা কিশোৰীগৰাকীৰ ঘৰ বোকাজানৰ ফুলবাৰীত বুলি জানিব পৰা গৈছে।

বৰ্তমানলৈ কিশোৰীগৰাকীৰ সম্পূৰ্ণ পৰিছয় জানিব পৰা হোৱা নাই যদিও ৰে’ল আৰক্ষীয়ে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকক ফোন যোগে খবৰ দিছে বুলি ৰে’ল আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে কিছুদিন পূৰ্বে কিশোৰীগৰাকী নিৰুদ্দেশ হৈ থকা বুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।