NORTHEAST NOW (Assamese)

সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ শিৱসাগৰ জিলাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন সম্পন্ন

December 24, 2018 7:29 am · পাৰ্শ্বজ্যোতি গগৈ

সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ শিৱসাগৰ জিলাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনখন দেওবাৰে শিৱসাগৰৰ ষ্টেচন চাৰিআলিত থকা টাই বিকাশ কেন্দ্ৰত অনুষ্ঠিত হয়। উদযাপন সমিতিত সভাপতি যোগেশ বুঢ়াগোহাঁইয়ে পতকা উত্তোলন কৰাৰ লগতে স্মৃতি তৰ্পণ কৰে শ্ৰমিক নেতা চেনিৰাম গগৈয়ে।

অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাখন সভাপতিত্ব কৰে বিশিষ্ট সমাজ কৰ্মী তথা শ্ৰমিক নেতা মুহি বৰুৱাই। সভাখন উদ্ধোধন কৰে শ্ৰম পৰিদৰ্শক মৌচুমী বৰাই।

সভাত বিশিষ্ট অতিথি হিচাপে ভাষণ দি এনেৰেগা শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক নিতুল বৰাই কয় যে শ্ৰমিক সকলে ঐক্যবদ্ধ হৈ কাম কৰিব লাগে, নহ’লে শ্ৰমিক সকলে পদে পদে প্ৰৱঞ্চনাৰ বলি হবলগীয়া হয়। তাৰোপৰি শ্ৰমিকসকলৰ বাবে  চৰকাৰে প্ৰণয়ন কৰা আইন ৰূপায়ন কৰাৰ বাবে, আহ্বান জনোৱাৰ লগতে প্ৰতি গৰাকী শ্ৰমিকে কি কি সা সুবিধা পাব লাগে সেই বিষয়ে আলোচনা কৰে।

আনহাতে অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা ‘নিচান’ নামৰ স্মৃতি গ্ৰন্থ খন আনুষ্ঠানিক ভাৱে  উন্মোচন কৰে অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক এনামউদ্দিন আহমেদে।

অনুষ্ঠানটোত প্ৰবীন চিপিআই নেতা ধৰ্ম বৰুৱাৰ লগতে অধ্যাপক ড০ সীমান্ত বৰুৱা, বালিফ আহমেদ, শিল্পী জিতুজ্যোতি গায়নকে ধৰি কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Related News