য়ু এছ টি এমৰ সমাৱৰ্তন: উপস্থিত মেঘালয়ৰ মুখ্য মন্ত্ৰী চাংমা; পল্লৱ বৰালৈ শ্ৰেষ্ঠ স্নাতকোত্তৰ বঁটা, দীক্ষিতা ডেকা শ্ৰ্ৰেষ্ঠ স্নাতক

ustm

মেঘালয়ৰ য়ুনিভাৰ্ছিটি অৱ চায়েন্স এণ্ড টে’কনলজিৰ ৪ৰ্থ সমাৱৰ্তন অনুষ্ঠান মঙলবাৰে অনুষ্ঠিত হয়। সমাৱৰ্তনত ৮২৩গৰাকীক স্নাতকোত্তৰ, ২৬৩গৰাকীক স্নাতক আৰু ৮গৰাকীক পি এইচ ডি প্ৰদান কৰা হয়।

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাদ কে’ চাংমা মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটোত গণিত বিভাগৰ পল্লৱ বৰাক ড০ এ’ পি জে’ আব্দুল কালাম শ্ৰেষ্ঠ স্নাতকোত্তৰ বঁটা আৰু এপ্লাইদ বায়লজিৰ দীক্ষিতা ডেকাক পি এ’ চাংমা শ্ৰেষ্ঠ স্নাতক বঁটা প্ৰদান কৰা হয়।

মুখ্য মন্ত্ৰী চাংমাই ব্যক্তিগত বিশ্ববিদ্যালয়খনে উচ্চ শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয় আৰু য়ু এছ টি এমৰ ‘এই অভিযানত সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াব’ বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

আনহাতে ‘আমি এখন বিশ্বমানৰ বিশ্ববিদ্যালয় গঢ়ি তোলাত ব্ৰতী’ বুলি আদৰণি ভাষণত মত প্ৰকাশ কৰে বিশ্ববিদ্যালয়খনৰ আচাৰ্য্য মহবুবুল হকে।

উপাচাৰ্য্য ড০ পি কে গোস্বামীয়ে বিশ্ববিদ্যালয় প্ৰতিবেদন পাঠ কৰা সমাৱৰ্তন অনুষ্ঠানটোৰ সামৰণিৰ শলাগৰ শৰাই আগবঢ়াই উপ উপাচাৰ্য্য অলকা শৰ্মাই।