দুৰ্দান্ত ফৰ্মত আছে কাইলিয়ান এমবাপে। উছমেন ডেম্বেলে আৰু ব্ৰেডলি বাৰ্কোলাই দুয়োটো উইংতে ধুমুহাৰ সৃষ্টি কৰে। মাইকেল অলিছে ১০ নম্বৰ হিচাপে খেলপথাৰত উজলি উঠিছে।ফুটবল অনুৰাগীসকলে আশা কৰা নাছিল যে ইমান দুৰন্ত ফ্ৰান্সৰ বিৰুদ্ধে পেৰাগুৱেই চমক দিব।
কিন্তু জাৰ্মানীক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰা পেৰাগুৱেই বুজাই দিলে যে যুঁজ কাক কয়।শেষলৈকে কোনো অঘটন ঘটাব নোৱাৰিলেও পেৰাগুৱেৰ ফুটবলাৰসকলে ফ্ৰান্সক ভালকৈয়ে এশিকনি দি এৰিলে।
কিন্তু বিপদত পৰা ফৰাচী ব্ৰিগেডৰ ত্ৰাণকৰ্তা হৈ পৰিল এমবাপে। পেনাল্টি স্পটৰ পৰা একমাত্ৰ গ’লটোৰে জয়লাভ কৰে ফ্ৰান্সে। ডিডিয়েৰ ডেশ্বাম্পছৰ দলটোৱে ফিফা বিশ্বকাপ ২০২৬ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ১০ জুলাইত শেষৰ আঠত ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বী মৰক্কো।
খেলখনৰ আৰম্ভণিৰে পৰাই ফ্ৰান্সে আক্ৰমণ আৰম্ভ কৰে। অৱশ্যে পেৰাগুৱেৰ ফুটবলাৰসকলে শক্তিশালীভাৱে ডিফেন্স কৰে। তদুপৰি উষ্ণ বতৰ দুয়োটা দলৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছিল। তাপমাত্ৰা ৩৭.৮ ডিগ্ৰী চেলছিয়াছৰ পৰা ৪৩.৩ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত উঠা-নমা কৰিছিল।
খেলপথাৰখনত বতাহ গৰম হৈ পৰিছিল। মাজে মাজে দুয়োটা দলৰ ফুটবলাৰসকলে তৰ্ক-বিতৰ্কত লিপ্ত হোৱা দেখা গৈছিল। কিন্তু বাৰে বাৰে চেষ্টা কৰাৰ পিছতো এমবাপে, ডেম্বেলে, অলিছেই গ’ল কৰাৰ সুৰুঙা বিচাৰি নাপালে। ৪০ মিনিটৰ পাছত এমবাপে পেৰাগুৱেৰ বক্সত পৰি যায় যদিও ৰেফাৰীয়ে পেনাল্টিৰ দাবীত কাণ নিদিলে। প্ৰথমাৰ্ধ গ’লবিহীনভাৱে শেষ হয়।
গ’লৰ বাবে হতাশ হৈ পৰা ফ্ৰান্সৰ প্ৰশিক্ষক ডিডিয়েৰ ডেশ্বাম্পছে দ্বিতীয়াৰ্ধত বাৰ্কোলাৰ ঠাইত ডেজিৰে ডুয়েক নমায়। ইয়াৰ ফলত ফ্ৰান্সৰ আক্ৰমণৰ তীব্ৰতা বৃদ্ধি পালে। প্ৰথমটো গ’লৰ বাবে ফ্ৰান্সৰ অপেক্ষাৰ অন্ত পৰিল ৭০ মিনিটৰ পাছত।
পেৰাগুৱেৰ ডিফেণ্ডাৰসকলৰ মাজেৰে ড্ৰিবল কৰি ডুয়েকে বক্সত প্ৰৱেশ কৰে। তেওঁক ৰখাবলৈ চেষ্টা কৰোতে গোমেজে ফাউল কৰে। ৰেফাৰীয়ে পেনাল্টিৰ নিৰ্দেশ দিয়ে। স্পট কিকৰ পৰা গ’ল দিয়াৰ ক্ষেত্ৰত এমবাপেই কোনো ভুল নকৰিলে। চলিত বিশ্বকাপত এয়া আছিল তেওঁৰ সপ্তমটো গ’ল। বিশ্বকাপ কেৰিয়াৰত তেওঁৰ ১৯ সংখ্যক গ’ল। অৱশ্যে একাংশ ফুটবল অনুৰাগীয়ে দাবী কৰিছে যে সেইটো পেনাল্টি দিয়া উচিত নাছিল।
কিছুসময়ৰ পাছত ডেম্বেলৰ ঠাইত ৰায়া চেৰকি নামিল। কিন্তু পেৰাগুৱেৰ গ’লৰক্ষক অৰলেণ্ডো গিলৰ দুৰ্দান্ত ৰিফ্লেক্স আৰু ছেভৰ বাবে ফ্ৰান্সে গ’লৰ সংখ্যা বৃদ্ধি কৰিব নোৱাৰিলে। নিৰ্ধাৰিত সময়ৰ শেষত ৰেফাৰীয়ে ১০ মিনিটৰ ইনজুৰি টাইম দিয়ে। কিন্তু পেৰাগুৱেই খেলখনত সমতা স্থাপন কৰিব নোৱাৰিলে।
বৰঞ্চ গিলে ফ্ৰান্সৰ আৰু দুটা নিশ্চিত গ’ল ৰক্ষা কৰে। শেষত ১-০ গ’লত জয়লাভ কৰি ফ্ৰান্সে খেলপথাৰ এৰে। অৱশ্যে ৭০ মিনিটলৈকে ফ্ৰান্সক গ’ল দিবলৈ নিদিয়া আৰু গোটেই খেলখনত পেৰাগুৱেৰ শক্তিশালী যুঁজখনে ফুটবল অনুৰাগীৰ হৃদয় জয় কৰে।





