ইউৰোৰ বাবে ফ্ৰান্সৰ দলত নতুন চমক; দুবছৰৰ পাছত প্ৰত্যাৱৰ্তন কান্টেৰ

ইউৰো ২০২৪ৰ বাবে ফ্ৰান্সে ঘোষণা কৰিলে ২৬ জনীয়া দল। ২ বছৰৰ পাছত ফ্ৰান্সৰ দললৈ ঘূৰি আহিছে এংগোলা কান্টে।

২০২২ চনৰ জুন মাহৰ পৰা কান্টে ফ্ৰান্সৰ জাৰ্চি পিন্ধি খেলাৰ সুযোগ পোৱা নাই। ২০২২ চনত কাটাৰত অনুষ্ঠিত হোৱা বিশ্বকাপতো তেওঁ আঘাতৰ বাবে খেলিব নোৱাৰিলে। অৱশ্যে ২০১৮ চনৰ বিশ্বকাপ দলত আছিল তাৰকা মিডফিল্ডাৰজন।

আঘাতৰ বাবে প্ৰিমিয়াৰ লীগ ক্লাব চেলছীতো কান্টে অনিয়মিত আছিল। এটা সময়ত ফ্ৰান্সৰ এই মিডফিল্ডাৰগৰাকীয়ে চেলছী এৰি চৌদি প্ৰ’ লীগৰ ক্লাব আল ইত্তিহাদত যোগদান কৰে।বিশ্বকাপৰ ৰানাৰ্ছ আপ প্ৰশিক্ষক ডিডিয়েৰ ডেছেৰ এই দলত স্থান লাভ কৰিছে অলিভাৰ জিৰ’ই। ফ্ৰান্সৰ এটেকিঙত কিলিয়ান এমবাপে আৰু এণ্টনিঅ’ গ্ৰীজমেনৰ সৈতে খেলিছিল।

ফ্ৰান্সে শেষবাৰৰ বাবে ২০০০ চনত ইউৰো খিতাপ দখল কৰিছিল। ইয়াৰ পাছত প্ৰায় ২৪ বছৰ ধৰি ফৰাচীসকলে ট্ৰফী স্পৰ্শ কৰিব পৰা নাই৷উল্লেখ যে ইউৰো ২০২৪ৰ ছিজন ১৪ জুনত আৰম্ভ হ’ব। জাৰ্মানীয়ে ইউৰোপৰ শ্ৰেষ্ঠ ফুটবল প্ৰতিযোগিতা আয়োজন কৰিব।

ইউৰো ২০২৪ৰ বাবে ফ্ৰান্সৰ দল:

গ’লৰক্ষক : ব্ৰাইচ চাম্বা, মাইক মেগনান, আলফন্স আৰেঅ’লা

ডিফেণ্ডাৰ : জনাথন ক্লাউছ, জুলছ কাউণ্ডে, বেঞ্জামিন পাভাৰ্ড, ইব্ৰাহীমা ক’নাটে, দেয়’ট উপমেকানো, উইলিয়াম চালিবা, থিও হাৰ্নাণ্ডেজ, ফাৰ্লেণ্ড মেণ্ডী

মিডফিল্ডাৰ : অৰেলিয়ান চুওমেনি, এডুয়াৰ্ডো কামাভিংগা, এন’গোলো কান্টে, ৱেছলি ফ’ফানা, এড্ৰিয়েন ৰাবিয়ট, ৱাৰেন জাইৰে-এমেৰী

ফৰৱাৰ্ড : কাইলিয়ান এমবাপে, অলিভাৰ জিৰো, এণ্টনিঅ’ গ্ৰীজমেন, অউছমেন ডেম্বেলে, মাৰ্কাছ থুৰাম, ব্ৰেডলি বাৰ্কোলা, ৰেণ্ডেল ক’ল’ মুয়ানি, কিংছলি কামান।