NORTHEAST NOW (Assamese)

ফ্ৰান্সত হিজাব নিষিদ্ধ কৰাৰ প্ৰস্তাৱ দিলে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মেৰি লা পেনে

January 31, 2021 12:23 pm · এন ই নাও নিউজ
মেৰি লা পেন। ফটো: সংগৃহীত।

ফ্ৰান্সত ২০২২চনত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এগৰাকী সম্ভাৱ্য প্ৰাৰ্থী হ’ল মেৰি লা পেন। চৰম সোঁপন্থী নেত্ৰী এই ৰাষ্ট্ৰপতি পদ প্ৰাৰ্থীগৰাকীয়ে ৰাজহুৱা স্থানত মুছলমান নাৰীসকলৰ হিজাব পিন্ধা নিষিদ্ধ কৰাৰ প্ৰস্তাৱ দিছে।

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

বাতৰি অনুসৰি, ফ্ৰান্সৰ ৰাজনীতিত মেৰি লা পেন এগৰাকী পৰিচিত তথা জনপ্ৰিয় নেত্ৰী। বিগত নিৰ্বাচনত ৰাষ্ট্ৰপতি ইমানুৱেল ম্যাক্ৰোৰ সৈতে তেওঁ তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

এইগৰাকী মেৰি লা পেনে শুকুৰবাৰে এখন সংবাদমেলত হিজাব নিষিদ্ধ কৰাৰ প্ৰস্তাৱ দিছে।

লা পেনে কয় যে হেডস্কাৰ্ফ এক ইছলামিক পোছাক। প্ৰস্তাৱিত আইনত ‘ইছলামিক মতাদৰ্শ’ নিষিদ্ধ কৰাৰ কথা কোৱা হৈছে।

প্ৰতিবেদন অনুসৰি, লা পেনৰ এই প্ৰস্তাৱৰ বিৰোধিতাৰে বিভিন্ন মানৱাধিকাৰ সংস্থা তথা সামাজিক কৰ্মীয়ে প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে।

ইয়াক অসাংবিধানি বুলি বাতিল কৰিব বুলি আশা কৰিছে বিভিন্ন মহলে।

Related News