NORTHEAST NOW (Assamese)

OLXৰ জৰিয়তে মহানগৰীত প্ৰৱঞ্চকে লুটিলে সাংবাদিকৰ DSLR কেমেৰা

June 24, 2019 8:20 pm · এন ই নাও নিউজ
Updated: June 24, 2019 8:23 pm
প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী মহানগৰীত আজি দিন-দুপৰতে এজন প্ৰৱঞ্চকে এগৰাকী সাংবাদিকৰ কেমেৰা লৈ উধাও হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনা অনুসৰি, ইউ বি ফটোজৰ সাংবাদিক দীপাংকৰ বৰুৱাই তেওঁৰ এবছৰ পুৰণি ৭৫ হেজাৰ টকীয়া ডি এছ এল আৰ কেমেৰা এটা বিক্ৰী কৰাৰ উদ্দেশ্যে OLXত এক বিজ্ঞাপন দিয়ে ৷

সেইমৰ্মে বৰা চাৰ্ভিচৰ জনৈক ৰাহুল দাস বুলি ফোনত পৰিচয় দিয়া যুৱক এজনে কেমেৰাটো ক্ৰয় কৰাৰ বাবে বৰুৱাৰ সৈতে বন্দবস্ত হয়। যুৱকজনে দিয়া ঠিকনা অনুসৰি সাংবাদিকগৰাকীয়ে আজি পুৱা ১০ মান বজাত বৰা চাৰ্ভিচ তেল ডিপোৰ সমীপৰ কাৰ্তিক কুমাৰ বৰাৰ বাসগৃহৰ সম্মুখত উপস্থিত হয়।

যুৱকজনে নিজকে উক্ত ঘৰটোত ভাৰাতীয়া হিচাপে থকাৰ লগতে অন্য লোকে চৌহদত প্ৰৱেশ কৰিলে মালিকে গালি-গালাজ কৰে বুলি কৈ বৰুৱাক গেটৰ সম্মুখত অকণমান সময় ৰ’বলৈ দি দেউতাকৰ পৰা পইচা আনিম বুলি কৈ চৌহদৰ ভিতৰত সোমায়৷

কিন্তু বহু সময় ধৰি যুৱকজন উভতি নহাত বৰুৱাৰ সন্দেহ ওপজে আৰু চৌহদৰ ভিতৰত সোমোৱাতহে উৰহী গছৰ ওৰ ওলায়। যুৱকজনৰ বিষয়ে বিচাৰ-খোচৰ কৰাৰ পাছত জানিব পাৰে যে যুৱকজনে চৌহদটোৰ পিচফালৰ গেটেৰে অন্য এটা দিশে পলায়ন কৰে।

কাৰ্তিক কুমাৰ বৰাৰ পৰিয়ালৰ লোকে সাংবাদিকক জনোৱা মতে ইয়াৰ পূৰ্বেও যুৱকজনে অনুৰূপ ধৰণেই চৌহদটোত কোনো নথকা সময়ৰ সুযোগ গ্ৰহণ কৰি আন এগৰাকী লোকৰ পৰাও এইদৰে লক্ষাধিক টকাৰ কেমেৰা লৈ উধাও হৈছিল। ঘটনা সন্দৰ্ভত সাংবাদিক বৰুৱাই পল্টনবজাৰ আৰক্ষী থানাত ৬৬০/১৯ নম্বৰত এক গোচৰ ৰুজু কৰে ৷

আজিৰ এই সমগ্ৰ ঘটনাৰ দৃশ্য কাৰ্তিক কুমাৰ বৰাৰ চৌহদৰ চি চি টি ভিত বন্দী হৈ আছে যদিও এতিয়া পল্টনবজাৰ আৰক্ষীয়ে কেনেদৰে তদন্ত আগবঢ়াই সেয়াহে লক্ষণীয় হ’ব।

Related News