NORTHEAST NOW (Assamese)

জি আই এম টি, তেজপুৰৰ উদ্যোগত বিনামূলীয়া কেৰিয়াৰ কৰ্মশালা

January 19, 2019 12:30 pm · এন ই নাও নিউজ

ৰাজ্যখনৰ আগশাৰীৰ অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, তেজপুৰৰ উদ্যোগত বিনামূলীয়াকৈ এলানি কেৰিয়াৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে।

প্ৰতিষ্ঠানখনৰ সামাজিক কল্যাণকামী ক্লাৱ SAHYOG ৰ তৰফৰ পৰা আয়োজন কৰা কৰ্মশালাসমূহত বিদ্যালয়/ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক কেৰিয়াৰ সম্পৰ্কীয় দিহা-পৰামৰ্শ প্ৰদান কৰা হ’ব।

কৰ্মশালাত অংশগ্ৰহণ কৰিব ৰাজ্যখনৰ আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা মহাবিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্বত থকা ড° বুলজিৎ বুঢ়াগোহাঁয়ে। কৰ্মশালাসমূহ প্ৰথম পৰ্য্যায়ত শোণিতপুৰ জিলাৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ বাবে আয়োজন কৰা হৈছে যদিও পৰৱৰ্তী সময়ছোৱাত অন্যান্য জিলাৰ বাবেও সময়সূচী ঘোষণা কৰা হ’ব।

আগ্ৰহী শিক্ষা প্ৰতিষ্ঠান সমূহে তেওঁলোকৰ প্ৰতিষ্ঠানত কৰ্মশালা আয়োজনৰ বাবে ৯৮৬৪৬০৩১০০, ৮৭২৪৯৫৪৯৯৫, ৭০০২০২০৫৭১ এই তিনিটা ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।

Related News