স্বাধীন খাচিলেণ্ডৰ স্বপ্নৰে বাংলাদেশত পুনৰ সংগঠিত এইচ এন এল চি

hnlc

এইচ এন এল চি। ছবি সৌজন্য-- Northeast Today

ম্যানমাৰত এন এচ চি এন-কে মুখ্য কাৰ্য্যালয়ত তাতমাদাও-ৰ দখল আৰু আলফা (স্বাধীন)ৰ নীৰৱতাৰ মাজতে মুক্ত খাচিলেণ্ডৰ শপতেৰে বাংলাদেশত পুনৰ সংগঠিত হৈছে এইচ এন এল চি (Hynniewtrep National Liberation Council)।

নিজৰ আদৰ্শ সাৰোগত কৰি লক্ষ্যত উপনীত হোৱাৰ “সংগ্ৰাম অব্যাহত ৰখাৰ বাবে” যোৱা জানুৱাৰিত পুনৰ গঠন কৰা হৈছে কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি, খাচি বিদ্ৰোহী সংগঠনটোৰ বিবৃতিত প্ৰকাশ।

লগতে পঢ়ক– ‘হিন্দুত্বৰ বীজ’ সিঁচা ন্যায়াধীশৰ পদত্যাগ দাবী মেঘালয়ৰ নিষিদ্ধ বিদ্ৰোহী সংগঠনৰ

পূৰ্বেও সংগঠনটোৰ মুখ্য সেনাধ্যক্ষৰ দায়িত্বত থকা ববি মাৰৱেইনৰ দায়িত্বত অধ্যক্ষৰ পদবীও যোগ দি খ্ৰাওবক জিৰৱা (উপাধ্যক্ষ), চাইনকুপাৰ নংত্ৰৱ (সাঃ সঃ আৰু প্ৰচাৰ সম্পাদক), এলেক্স দিয়েংদ (বৈদেশিক সচিব), ৱানচান মাৰৱেইন (বিত্ত), ৰিউপিৰখাত চুন (সাংগঠনিক সম্পাদক) আৰু এম ৰিনজা (সাংস্কৃতিক সম্পাদক)ক লৈ সমিতিখন গঠন কৰা হৈছে।

বাংলাদেশ মেঘালয়ৰ লগালগি হোৱাৰ লগতে দেশখনৰ ময়মনসিং আৰু চিলেট জিলাত আছে বুজনসংখ্যক খাচি লোকৰ বসতি, আছে বহুবিলাক খাচি গাওঁ।

ময়মনসিঙত ১ লক্ষাধিক আৰু চিলেটত আছে ৫০ হাজাৰোধিক খাচি লোক, যোৱা বছৰৰ অক্তোবৰত সংগঠনটোৰ পৰা অৱসৰ লোৱা প্ৰতিষ্ঠাপক নেতা চেৰিশস্তাৰফিল্দ থাংকিউৰ তথ্য এয়া।

উত্তৰ-পূবত খিলঞ্জীয়াৰ সৰ্বাত্মক বিৰোধিতাৰ সন্মুখীন হোৱা নাগৰিকত্ব বিধেয়কসৃষ্ট পৰিৱেশতে পুনৰ সক্ৰিয়তা দেখা গৈছে প্ৰায়সকল প্ৰতিষ্ঠাপক নেতাই অৱসৰ লোৱা সংগঠনটোৰ। শেহতীয়াকৈ এটা ৰায়ত বিধেয়কখনৰ “সমৰ্থন”ত মেঘালয় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এচ আৰ সেনৰ মন্তব্যতো যোৱা ডিচেম্বৰত তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সংগঠনটোৱে।

“আমি আমাৰ ৰাইজৰ স্বাৰ্থ ৰক্ষাৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰিম। সশস্ত্ৰ আন্দোলনৰ বাহিৰে আমাৰ আন বিকল্প নাই,” এই শপত লৈ নতুন সমিতি গঠন ঘোষণা কৰিছে বিধেয়কৰ স্পষ্ট বিৰোধিতা কৰা সংগঠনটোৱে।

KSU, FKJGP, RBYF, HNYF, HANM, HYC, JSU, JYF আদি খাচি সংগঠনক ঐক্যবদ্ধ হৈ থাকিবৰ বাবেও আহ্বান জনাইছে ১৯৮৭ চনত গঠন হোৱা সংগঠনটোৱে। মন কৰিবলগীয়া এই সমূহ খাচি সংগঠনে বিধেয়কৰ সৰ্বাত্মক বিৰোধিতা কৰিছে।

সংগঠনটোৱে কয় যে এই প্ৰে’ছাৰ গ্ৰুপসমূহ (সংগঠনসমূহ) হিনিউত্ৰেপ (Hynñiewtrep/ seven huts— সকলো খাচি গোষ্ঠীক বুজোৱা অৰ্থত)ৰ মূল স্তম্ভ।

কোনো “জাতি বা ধৰ্ম”ৰ বিৰোধী নহয় বুলিও পুনৰ দোহাৰিছে সংগঠনটোৱে।