• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

বাক্-স্বাধীনতা সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ! পুলিচ প্ৰশাসনে সংবিধান মানি চলিব লাগিব!

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
April 30, 2025 5:42 pm
বাক্-স্বাধীনতা সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ! পুলিচ প্ৰশাসনে সংবিধান মানি চলিব লাগিব!
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি এক আচৰিত,অদ্ভুৎ সময়ত বাস কৰিছোঁ।কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে নৃশংসভাবে ২৬ জন ব‍্যক্তিক হত‍্যা কৰিলে।সমগ্ৰ দেশে একমুখে এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিলে।সন্ত্ৰাসবাদী সকলক প্ৰশ্ৰয় দিয়া কাৰণে সকলোৱে পাকিস্তানক নিন্দা কৰিলে।কাশ্মীৰৰ মানুহ ৰাজপথলৈ ওলাই আহি সন্ত্ৰাসবাদৰ বিৰোধিতা কৰিলে।পেলেহগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত সেইটো আছিল সকলোৰে প্ৰথম প্ৰতিক্ৰিয়া।কিন্তু এই স্বতঃস্ফূৰ্ত প্ৰতিক্ৰিয়াৰ পিছত, সকলো চিন্তাশীল মানুহৰ মনত এটাই প্ৰশ্ন, জন্মু-কাশ্মীৰৰ পুলিচ প্ৰশাসন আৰু নিৰাপত্তাৰ দায়িত্ব কাৰ? কেন্দ্ৰ চৰকাৰৰ। সেইদিনা ঘটনাটো ঘটাৰ সময়ত, পেহেলগামত দেশ-বিদেশৰ প্ৰায় ২০০০ পৰ্যাটক গোট খাইছিল।কিন্তু সেই সময়ত তাত কোনো নিৰাপত্তা ৰক্ষী নাছিল।সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰি ২৬ জন মানুহক হত‍্যা কৰাৰ পিছত তাত আঘাটপ্ৰাপ্ত সকল বহু সময়লৈ পৰি আছিল।

তেওঁলোকে চিকিৎসা সাহায‍্য পাওতে বহু পলম হৈ গৈছিল।ঘটনাটো ঘটাৰ সময়ত তাত নিৰাপত্তা ৰক্ষী নথকাটো কেন্দ্ৰ চৰকাৰৰ গাফিলতী হয় নে নহয়? ঘটনাৰ পিছত অতি সোনকালে তাত নিৰপত্তা ৰক্ষী উপস্থিত হোৱাটো উচিত আছিলনে নাই? এই প্ৰসংগত উত্থাপন হোৱা আন কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হ’ল- কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিছত বা বিমুদ্ৰকৰণৰ পিছত বা ৩৭০ ধাৰা বাতিল কৰাৰ পিছত জন্মু-কাশ্মীৰত আগৰ তুলনাত সন্ত্ৰাসবাদী কাৰ্যকলাপ কমিছে নে কমা নাই? নে তাত আগৰ দৰেই সন্ত্ৰাসবাদী কাৰ্যকলাপ চলি আছ? এই প্ৰশ্ন কেইটা এই সময়ত সোধাটো উচিত নে অনুচিত? মই ভাবোঁ এই কথা কেইটা সোধাৰ এইটোৱে হৈছে উত্তম সময়। লোক শিল্পী নেহা সিং ৰাঠোৰ আৰু অধ‍্যাপিকা ডঃ মাদ্ৰী কাকতি(মেডুচা)য়ে কি সুধিছে? এই ধৰণৰ প্ৰশ্নই সোধা নাই জানো? শুনকচোন তেওঁলোকে কি কৈছিল? তেন্তে এই কথা কেইটা সোধাৰ কাৰণে কিয় নেহা সিং আৰু মেডুচাৰ বিৰুদ্ধে পুলিচে দেশদ্ৰোহৰ গোচৰ তৰিছে? আৰু এটা কথা, মই আগতেই কৈছোঁ সন্ত্ৰাসবাদী আক্ৰমণক কোনেও সমৰ্থন কৰা নাই। এনে জঘন‍্য কাৰ্যক সমৰ্থন কৰাৰ প্ৰশ্নই নুঠে।

কাশ্মীৰৰ মানুহে দোকান পোহাৰ বন্ধ ৰাখি তাৰ বিৰোধিতা কৰিছে, প্ৰতিবাদ কৰিছে। সেইটো মই উল্লেখ কৰিছোৱেই। কিন্তু নিৰাপত্তাত সুৰুঙা আছিল বাবেইতো তাত এনে ৰোমহৰ্ষক সন্ত্ৰাসবাদী ঘটনাটো ঘটিবলৈ পালে। আৰু সৰ্বদলীয় বৈঠকত চৰকাৰে পেহেলগামৰ ঘটনাত নিৰপত্তাৰ সুৰুঙা ঠাকি যোৱা কথাটোচোন নিজেই স্বীকাৰ কৰিছে।নেহাই সৰ্বদলীয় বৈঠকত উপস্থিত নাথাকি প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ নিৰ্বাচন কেন্দ্ৰীক সভাত নীতিশ কুমাৰৰ লগত উপস্থিত থকাটোকো সমালোচনা কৰিছে। সেইটো কি অপৰাধৰ কথা হ’ল? সেইটোও এটা যুক্তি সংগত প্ৰশ্ন নহয় নে?


এইখিনিতে এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ।দেশৰ জনসাধাৰণৰ চৰকাৰক সমালোচনা কৰাৰ অধিকাৰ আছেনে নাই? এই সম্পৰ্কে সংবিধানৰ ১৯ নং অনুচ্চেদত কি কোৱা হৈছে? “Article 19 of Indian Constitution guarantees certain fundamental rights to all citizens, including freedom of speech and expression, freedom to assemble, freedom to form associations, freedom of movement, freedom of residence, and freedom to practice any profession.” যোৱা বছৰ মাৰ্চ মাহত উচ্চতম ন‍্যায়ালয়ে এই বিষয়ে স্পষ্ট ভাষাত কৈছিল যে চৰকাৰৰ কামত সমালোচনা কৰা কাৰণে এজন নাগৰিকক কেতিয়াও চৰকাৰে শাস্তি বিহিব নোৱাৰিব। সংবিধানৰ ১৯ বাকস্বাধীনতা কোনোবাই কাৰোবাৰ বিৰুদ্ধে কেচ এটা দিলেই পুলিচেও আইন কানুন নোচোৱা, নুবুজাকৈ কাৰো বিৰুদ্ধে কেচ ৰুজু কৰা উচিত নহয় আৰু কাকো গ্ৰেপ্তাৰ কৰা উচিত নহয়। চৰকাৰে ব‍্যৱস্থা ল’ব লাগে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী সকলক সহায় কৰা লোক সকলৰ বিৰুদ্ধে। তাকে নকৰি চৰকাৰক সমালোচনা কৰিছে বুলিয়ে দেশৰ সাধাৰণ নাগৰিকক এনে দৰে হাৰাশাস্তি কৰাটো উচিত হৈছেনে? সেয়ে ন‍্যায়পালিকাই এতিয়া আইনৰ ব‍্যাখ‍্যা কৰিয়ে ক্ষান্ত থাকিলে নহ’ব। পুলিচ প্ৰশাসনে যাতে সংবিধান মানি চলে তাকো সুনিশ্চিত কৰিব লাগিব।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

September 3, 2025 7:33 pm
মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

September 3, 2025 6:18 pm
উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক লৈ অশোভনীয় মন্তব্য কমেডিয়ান মধুৰ বিৰলীৰ!

উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক লৈ অশোভনীয় মন্তব্য কমেডিয়ান মধুৰ বিৰলীৰ!

September 3, 2025 4:21 pm
নিলম্বনৰ পাছত বিধান পৰিষদ আৰু বি আৰ এছৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কে কবিতাৰ

নিলম্বনৰ পাছত বিধান পৰিষদ আৰু বি আৰ এছৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কে কবিতাৰ

September 3, 2025 4:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

September 3, 2025 7:33 pm
মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

September 3, 2025 6:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd