ফ্ৰেঞ্চ অপেন: জক’ভিচক পৰাস্ত কৰি ছেমিত প্ৰৱেশ ক্লে’ ক’ৰ্ট বাদশ্বাহ নাডালৰ

French Open: Rafael Nadal vs Novak Djokovic

ফ্ৰেঞ্চ অপেন মানেই যেন ৰাফেল নাডাল। প্ৰতিযোগিতাখনৰ ইতিহাসত ইতিমধ্যেই অবিসম্বাদী সম্ৰাট হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে স্পেনিচ তাৰকাগৰাকীয়ে। সেয়ে নাদালক কোৱা হয় “ক্লে’ ক’ৰ্টৰ বাদশ্বাহ”। এই অভিধা অক্ষুণ্ণ ৰাখি আকৌ এবাৰ চলিত ফ্ৰেঞ্চ অপেনৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে নাডালে।

আজি পুৱতি নিশা কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ ন’ভাক জক’ভিচক চাৰিটা ছেটৰ অন্তত পৰাস্ত কৰি কেৰিয়াৰৰ ১৫ সংখ্যক ফ্ৰেঞ্চ অপেন ছেমি ফাইনেলত উপনীত হয় নাডাল। অভিলেখ সংখ্যক ১৩ বাৰৰ ৰোঁলা গেৰোঁ চেম্পিয়ন নাডালে ৪ ঘণ্টা ১২ মিনিটৰ যুঁজখনত ৬-২, ৪-৬, ৬-২, ৭-৬ (৭/৪)ব্যৱধানত পৰাস্ত কৰে বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ জক’ভিচক।

উল্লেখ্য যে যোৱা বছৰৰ ফ্ৰেঞ্চ অপেনৰ ছেমিফাইনেলত জক’ভিচৰ বিৰুদ্ধেই পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লৈছিল নাডালে। আজিৰ জয়েৰে তেওঁ এই পৰাজয়ৰ পোতক তোলে। উল্লেখ্য যে জক’ভিচৰ বিৰুদ্ধে ফ্ৰেঞ্চ অপেনত দহবাৰৰ মুখামুখিত আজিৰ সৈতে ১০ খন মেচৰ অষ্টম বিজয় সাব্যস্ত কৰে নাডালে।

আনহাতে কেৰিয়াৰত দুয়োগৰাকী কিংবদন্তী তাৰকা আজি ৫৯ সংখ্যক বাৰৰ বাবে মুখামুখি হৈছিল। আজিৰ জয়েৰে নাডালে জক’ভিচৰ বিৰুদ্ধে কেৰিয়াৰ ৰেকৰ্ড ২৯-৩০ লৈ হ্ৰাস কৰে।

জয়ৰ পাছতে নাডালে কয়, “মই অতি আৱেগিক। মোৰ বাবে ইয়াত খেলাৰ অনুভৱ অবিশ্বাস্য।”

জক’ভিচৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা সন্দৰ্ভত নাডালে কয়, “জক’ভিচৰ বিৰুদ্ধে খেলাটো সদায়ে এক অবিশ্বাস্য প্ৰত্যাহ্বান। ন’ভাকৰ বিৰুদ্ধে জয়ী হোৱাৰ একমাত্ৰ উপায় হৈছে প্ৰথম পইণ্টৰ পৰা শেষলৈকে আপোনাৰ সৰ্বশ্ৰেষ্ঠ খেলৰ প্ৰদৰ্শন।”

উল্লেখ্য যে ২০০৫ চনত ফ্ৰেঞ্চ অপেনত অভিষেক ঘটোৱাৰ পিছত প্ৰতিযোগিতাখনত তেওঁৰ ১১৩ খন খেলৰ মাত্ৰ তিনিখনতহে পৰাজিত হৈছে নাডাল।

আনহাতে মেচখনত পৰাজয়ৰ পাছতে জক’ভিচে নাডালক অভিনন্দন জনায়। জক’ভিচে কয়, “ৰাফাক অভিনন্দন, গুৰুত্বপূৰ্ণ মুহূৰ্তত তেওঁ ভাল খেল প্ৰদৰ্শন কৰে। তেওঁ কিয় এজন মহান চেম্পিয়ন, সেয়া তেওঁ প্ৰমাণ কৰিছে। তেওঁ ইয়াৰ যোগ্য।”

কেৰিয়াৰৰ অভিলেখ ২২ সংখ্যক গ্ৰেণ্ডশ্লেমৰ সন্ধানত থকা নাডাল শুকুৰবাৰে ছেমিফাইনেলত আলেকজেণ্ডাৰ জেভেৰেভৰ সন্মুখীন হ’ব।