এজন ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত

Mizoram-1140x570

সোমবাৰে নিশালৈকে শান্তিপূৰ্ণ অসম-মিজোৰাম সীমান্ত।

দক্ষিণ অসমৰ কাছাৰ জিলাৰ এজন ৪৮বছৰীয়া ব্যক্তিৰ কলাশিৱ জিলাৰ জিলাৰ ভেইৰেংটেৰ এখন হাস্পাতলত সোমবাৰে মৃত্যু ধটাৰ পাছত অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনাই বিৰাজ কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৃত ব্যক্তিজনক কাছাৰ জিলাৰ লাইলাপুৰৰ বাসিন্দা ইন্টিয়াজ আলী বুলি চিনাক্ত কৰা হৈছে। তেওঁ ইন্টাজুল লস্কৰ নামেৰেও পৰিচিত আছিল।

মিজোৰামৰ আৰক্ষী মহা পৰিদৰ্শক (সদৰ) জন নেইহলিয়াই দাবী কৰা মতে এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী হিচাপে পৰিচিত লাইলাপুৰৰ আলীয়ে দেওবাৰে বিয়লি মউটুই জাও বনাঞ্চল এলেকাত দুজন স্থানীয় লোকক ড্ৰাগছ হস্তান্তৰ কৰিবলৈ চেষ্টা কৰাৰ সময়তে ইয়ং মিজো এছ’চিয়েশ্যনৰ সদস্যই তেওঁক কৰায়ত্ত কৰে।

সদস্যসকলৰ হাতৰ পৰা পলাই সাৰিব খুজি খাৱৈত জাপ দিয়াৰ পাছত তেওঁ দুয়োটা খাৰুগাঁঠিত আঘাত পায়।

ইয়াৰ পাছতে মিজো এছ’চিয়েশ্যনৰ সদস্যই আলীক আবকাৰী তথা নাৰক’টিকছ বিভাগৰ হাতত গটাই দিয়ে। তেওঁক নাৰক’টিকছ ড্ৰাগছ এণ্ড ছাইক’ট্ৰ’পিক ছাবষ্টেন্সেছ এক্ট,১৯৮৫ অধীনৰ ২১(এ) ধাৰাত গ্ৰেপ্তাৰ কৰা হয়।

তেওঁক দুৰ্বল হৈ পৰাৰ বাবে ভেইৰেংটেৰ কমিউনিটি হেলথ চেন্টাৰত ভৰ্তি কৰোৱা হৈছিল।

আৰক্ষী মহাপৰিদৰ্শক নেইহলিয়াই জানিবলৈ দিয়ে যে সোমবাৰে পুৱা ১০.৩০ বজাত তেওঁৰ মৃত্যু হয়।

তেওঁৰ মৃত্যুৰ পাছত ভেইৰেংটেৰ আৰক্ষীয়ে সোমবাৰে অস্বাভাৱিক মৃত্যুৰ বাবে এটা গোচৰ ৰুজু কৰে।

নেইহলিয়াই জানিবলৈ দিয়ে যে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ নিৰ্দেশনা অনুসৰি অনুসন্ধান আৰু মৰণোত্তৰ পৰীক্ষাৰ ভিডিঅ’গ্ৰাফী কৰা হৈছে আৰু দণ্ডাধীশ পৰ্যায়ৰ তদন্তও আৰম্ভ কৰা হৈছে।

মঙলবাৰে মৃতদেহটো পৰিয়ালক বা অসম আৰক্ষীক গটাই দিয়া হ’ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।

একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অস্বীকাৰ কৰি কলাশিৱ জিলাৰ আৰক্ষী অধীক্ষক ভেনলালফাকা ৰালটেই দাবী কৰে যে তেওঁক গ্ৰেপ্তাৰ কৰাৰ সময়ত কোনো লোকে তেওঁক আক্ৰমণ কৰা নাছিল আৰু ঘটনাটোৰ বৰ্তমান চলি থকা সীমান্তৰ সংঘাতৰ সৈতে কোনো সম্পৰ্ক নাই।

তেওঁ দাবী কৰে যে আলী এজন ড্ৰাগছ সৰবৰাহকাৰী হিচাপে জনাজাত আছিল।

ইয়াৰ মাজতে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক ভানৱাৰ লাল মীনাই কলাশিৱৰ আৰক্ষী অধীক্ষকলৈ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ঘটনাত প্ৰযোজ্য ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ সকলো নিৰ্দেশনা অনুসৰণ কৰিবলৈ আৰু তদন্তৰ বাবে লিখিত পত্ৰ প্ৰেৰণ কৰে।

মৃতকৰ পৰিয়ালে অভিযোগ কৰিছে যো আলীয়ে এক বনাঞ্চল এলেকাৰ পৰা কাঠ আনিবলৈ যোৱাৰ সময়ত  নিৰুদ্দেশ হৈছিল আৰু ধলাই আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল।

সোমবাৰৰ নিশালৈকে সীমান্ত অঞ্চলত শান্তি বিৰাজ কৰি আছিল যদিও এই গটনাৰ পাছতে অঞ্চলটোত পুনৰ উত্তেজনা বিৰাজ কৰিছে।