১০ ডিচেম্বৰত মুখ্য মন্ত্ৰীয়ে শুভাৰম্ভ কৰিব শ্বহীদ স্মাৰকৰ নিৰ্মাণ কাৰ্য্যৰ

অহা ১০ ডিচেম্বৰত ৰাজ্য চৰকাৰে উদযাপন কৰিবলগীয়া শ্বহীদ দিৱসৰ সৈতে সংগতি ৰাখি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক উদ্যানত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে ‘শ্বহীদ স্মাৰক’ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰিব।

উল্লেখযোগ্য যে, বিগত বৰ্ষৰ শ্বহীদ দিৱসৰ দিনাখন মুখ্য মন্ত্ৰীয়ে শ্বহীদ স্মাৰক উদ্যানৰ আধাৰশিলা স্থাপন কৰিছিল। সেই দিনটোতে অসম আন্দোলনৰ ঐতিহাসিক পটভূমিৰ পৰা আৰম্ভ কৰি ১৯৮৫ চন পৰ্যন্ত সংঘটিত ঘটনাৰাজি সামৰি চাৰিটা খণ্ডত প্ৰকাশ পাবলগীয়া তথ্যসমৃদ্ধ গ্ৰন্থখনৰ প্ৰথম খণ্ডও প্ৰকাশ পাব।

আজি অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয়ত এই পদক্ষেপৰ সম্পৰ্কে আলোচনা কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্বহীদৰ ত্যাগ যাতে যাউতিযুগীয়া হৈ ৰয় তাৰ বাবে এই পদক্ষেপ সৰ্বাংগসুন্দৰ ৰূপত কাৰ্য্যকৰী কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে।

শ্বহীদ স্মাৰক নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগক সকলোবোৰ আনুষ্ঠানিক প্ৰক্ৰিয়া দ্ৰুতগতিত সম্পাদন কৰিবলৈ মুখ্য মন্ত্ৰী সোণোৱালে নিৰ্দেশ দিয়ে।

এই স্মাৰক যাতে একক আৰু অনন্য হয় তথা শ্বহীদ স্মাৰক উদ্যানখনে সৰ্বস্তৰৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে সেই দিশত মনোযোগ দিবলৈও লোক নিৰ্মাণ বিভাগক মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে,  অসম চৰকাৰে কামৰূপ মহানগৰ জিলাৰ পশ্চিম বৰাগাঁৱত প্ৰায় ১০০ বিঘা ভূমিত প্ৰায় ৮৭ কোটি টকা ব্যয়েৰে এই প্ৰকল্প  ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে।

আনহাতে, অসম আন্দোলনৰ ঘটনাৰাজি সামৰি প্ৰকাশ পাবলগীয়া গ্ৰন্থখনে অসমৰ জাতীয় জীৱনৰ এই গুৰুত্বপূৰ্ণ অধ্যায়টোৰ প্ৰতিটো দিশ যাতে সামৰি ল’বলৈ সক্ষম হয় তথা এইখন গৱেষণা উপযোগী গ্ৰন্থ ৰূপে পৰিগণিত হয় তাৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ গ্ৰন্থখনৰ সম্পাদনা সমিতিক মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।