NORTHEAST NOW (Assamese)

১ জুনৰ পৰা দেশত দৈনিক ২০০ খন শীত-তাপ নিয়ন্ত্ৰণ ব্যৱস্থা বিহীন যাত্ৰীবাহী ৰে’লৰ চলাচল

May 20, 2020 11:38 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ভাৰতীয় ৰে’লৱে ১ জুনৰ পৰা সময় সূচী অনুসৰি দেশত দৈনিক ২০০ খন শীত-তাপ নিয়ন্ত্ৰণ ব্যৱস্থা বিহীন যাত্ৰী বাহী ৰে’ল চলাব।

ৰে’ল মন্ত্ৰী পিযুষ গোৱেলে মঙলবাৰে যাত্ৰীবাহী ৰে’ল চলোৱা সন্দৰ্ভত এই ঘোষণা কৰে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ১ জুনৰ পৰা চলিবলগীয়া যাত্ৰীবাহী ৰে’লত ভ্ৰমণৰ বাবে প্ৰয়োজনীয় টিকত বুকিঙৰ কামো অনলাইন যোগে শীঘ্ৰে আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে।

ৰে’ল মন্ত্ৰী পিযুষ গোৱেলে দুদিনৰ ভিতৰত দেশত শ্ৰমিক ৰে’লৰ সংখ্যাও দুগুণ কৰি ৪০০ লৈ বৃদ্ধি কৰা হ’ব বুলি মত প্ৰকাশ কৰে।

‘‘দুদিনৰ ভিতৰত আমি দেশত দৈনিক চলি থকা শ্ৰমিক ৰে’লৰ সংখ্যা দুগুণ বৃদ্ধি কৰি ৪০০ কৰিম,’’ গোৱেলে লগতে কয়।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ৰে’ল মন্ত্ৰ্যালয়ে যাত্ৰীবাহী ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও দেশত ক’ৰ’নাৰ সংক্ৰমণ হ্ৰাস নোপোৱাত সেই সিদ্ধান্ত বাতিল কৰিছিল।

আনহাতে, ল’কডাউনৰ বাবে দেশৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক সকলক স্বগৃহলৈ ঘুৰাই অনাৰ বাবে ৰে’ল বিভাগে ১ মে’ৰ শ্ৰমিক ৰে’লৰ ব্যৱস্থা কৰিছিল।

Related News