NORTHEAST NOW (Assamese)

৫ মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে ‘ইউফুজিম-২০২০’

March 3, 2020 6:42 pm · এন ই নাও নিউজ
সংবাদমেল

আজৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেন্ট এণ্ড টেকনলজি আৰু গিৰিজানন্দ চৌধুৰী ফাৰ্মাচিটিকেল চায়েন্সৰ সহযোগত  ৫ মাৰ্চৰ পৰা ৭ মাৰ্চলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘‘ইউফুজিম-২০’’৷

গুৱাহাটী প্ৰেছ ক্লাৱত আজি এখন সংবাদমেল সম্বোধন কৰি এই কথা জানিব দিয়ে ছাত্ৰ আহ্বায়ক নয়নাভ দাসে।

দ্বাদশ সংখ্যক ‘‘ইউফুজিম’’ৰ মূল বিষয় হৈছে ‘একমত্যম’৷ বৌদ্ধিক সাংস্কৃতিক আদি সকলো দিশেৰে আগুৱাই গৈ দেশ আৰু জাতিৰ সৰ্বাংগীন সংহতি স্থাপনেই হৈছে একমত্যম।

৫ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া ‘ইউফুজিম-২০’ৰ শুভ উন্মোচন কৰিব  ফেশ্যন ডিজাইনাৰ সংযুক্তা দত্তই৷

বিভিন্ন ধৰণৰ প্ৰতিযেগিতাৰ লগতে অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হ’ব ঝংকাৰ আৰু ডি জে নাইট, এই কথা জনাই নয়নাভ দাসে।

আনহাতে, ৬ মাৰ্চত আন্ত মহাবিদ্যালয় ভিত্তিত গীত আৰু নাটকৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ’ব গ্লিটাৰ্চ আৰু কলনীয়েল ফ্ৰিকচনৰ সংগীত সন্ধিয়া।

৭ মাৰ্চত আন্তঃ মহাবিদ্যালয় ভিত্তিত নৃত্য প্ৰতিযোগিতা আৰু বঁটা প্ৰদান সভা অনুষ্ঠিত হ’ব৷ নিশাৰ কাৰ্য্যসূচীৰ বিশেষ আকৰ্ষণ হ’ব বলিউডৰ শিল্পী ডি চোজাৰৰ সংগীতানুষ্ঠান।

ইউফুজিমত ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰি অন্তৰ্নিহিত প্ৰতিভাৰাজি প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিব বুলি ছাত্ৰ সমন্বয়ক গৰাকীয়ে সংবাদমেলত কয়।

‘‘খেল-ধেমালী, নৃত্য-গীত, সমন্বিতে অনুষ্ঠিত হোৱা আন্তঃ মহাবিদ্যালয়, মহাবিদ্যালয় ভিত্তিক প্ৰতিযোগিতা সমূহে ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশত সহায় কৰিছে। এই ক্ষেত্ৰত ইউফুজিম এক মুক্ত মঞ্চ য’ত জিআইএমটি হৈছে উৰ্বৰ ক্ষেত্ৰ,’’ নয়নাভ দাসে লগতে কয়।

আজিৰ সংবাদমেলত উপস্থিত থাকে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেন্ট এণ্ড টেকনলজিৰ অধ্যাপিকা মনিৰূপা মিশ্ৰ  আৰু গিৰিজানন্দ চৌধুৰী  ফাৰ্মাচিটিকেল চাইন্স অধ্যাপক পূৰ্বজিৎ চেতিয়া।

Related News