NORTHEAST NOW (Assamese)

অভিনয়ৰ পৰা আই পি এছ বিষয়ালৈকে : কোন এই সুন্দৰী বিষয়া?

December 7, 2024 7:55 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

চিনেমাৰ জগতৰ পৰা আহি ইউ পি এছ চি পৰীক্ষাত টপাৰ হ’ল এইগৰাকী সুন্দৰী যুৱতী। বৰ্তমানৰ আই পি এছ বিষয়া হিচাপে কৰ্মৰত তেওঁ।

উল্লেখ্য যে সাধাৰণতে অভিনেত্ৰীসকলে নায়িকা হোৱাৰ সপোন লৈ কম বয়সতে শিক্ষা ত্যাগ কৰি অভিনয়ৰ জগতখনত প্ৰৱেশ কৰে। কিন্তু এইগৰাকী অভিনেত্ৰীয়ে পঢ়া-শুনা কৰিবলৈ অভিনয় ত্যাগ কৰিছিল। তেওঁ হৈছে দক্ষিণ ভাৰতীয় অভিনেত্ৰী এইচ এছ কীৰ্তনা।

শিশু অভিনেত্ৰী হিচাপে অভিনয় জগতত প্ৰৱেশ কৰিছিল কীৰ্তনাই। শৈশৱতে তেওঁ বিভিন্ন চিনেমা আৰু টিভি শ্ব’ত শিশু শিল্পী হিচাপে কাম কৰিছিল।

অৱশ্যে ডাঙৰ হোৱাৰ পিছত অভিনয় জগতখনৰ পৰা মনোযোগ আঁতৰাই দিলে কীৰ্তনাই। সৰুৰে পৰা কীৰ্তনা আছিল অতি প্ৰতিভাশালী ছাত্ৰী। অভিনয়ৰ সমান্তৰালকৈ তেওঁ পঢ়া-শুনা চলাই নিছিল।

ডাঙৰ হোৱাৰ পিছত তেওঁৰ সপোন আছিল ইউ পি এছ চিৰ পৰীক্ষা উৰ্তীণ হোৱা। তেওঁ ইউ পি এছ চিৰ পৰীক্ষাত অৱতীৰ্ণ হ’ল। একেৰাহে ৬টা চেষ্টাৰ পিছত তেওঁ সফল হয়। তাৰ পিছত তেওঁ আই পি এছ বিষয়া হিচাপে নিৰ্বাচিত হয়।

উল্লেখ্য যে কীৰ্তনৰ প্ৰথম পোষ্টিং আছিল কৰ্ণাটকৰ মাণ্ডা জিলাত। কিন্তু আই পি এছ বিষয়া হোৱাৰ আগতে ২০১১ চনৰ কৰ্ণাটক প্ৰশাসনিক সেৱা পৰীক্ষা উৰ্তীণ হৈ ২ বছৰ কে এ এছ বিষয়া হিচাপে কাম কৰিছিল।

Related News