NORTHEAST NOW (Assamese)

এতিয়াৰ পৰা ছুটীত থকা কৰ্মচাৰীৰ লগত যোগাযোগ কৰিলে ভৰিব লাগিব জৰিমণা

January 12, 2023 11:22 am · এন ই নাও নিউজ, গুৱাহাটী

আজিৰ ডিজিটেল যুগত ছুটীত থাকিলেও কৰ্মচাৰী বা মালিকে ই-মেইল, মেছেজ, হোৱাটছএপ গ্ৰুপৰ মেছেজ বা ফোনৰ জৰিয়তে সহায় বিচৰাটো স্বাভাৱিক কথা হৈ পৰিছে।

জি নিউজ আৰু এনডিটিভিৰ বাতৰি অনুসৰি ভাৰতৰ মুম্বাইস্থিত ফেণ্টাচি স্প’ৰ্টছ প্লেটফৰ্ম ড্ৰিম১১য়ে কৰ্মচাৰী বাবে এক আইন প্ৰৱৰ্তন কৰিছে। এতিয়াৰ পৰা কাৰ্যালয়ৰ কোনো কৰ্মচাৰীয়ে যদি ছুটীত থকা কোনো কৰ্মচাৰীৰ পৰা সহায় বা কাম আদায় বিচাৰি অশান্তি দিয়ে তেন্তে তেওঁ এক লাখ টকাৰ জৰিমনা ভৰিব লাগিব।

‘ড্ৰিম ১১ আনপ্লাগ’ নামৰ এই নীতিৰ লক্ষ্য হৈছে ছুটীত থকা কৰ্মচাৰীসকলে যাতে নিজৰ সময় ভালদৰে কটাব পাৰে। এই নীতিৰ অধীনত ছুটীত থকা কৰ্মচাৰীৰ সৈতে আন কোনো কৰ্মচাৰীৰ কোনো আনুষ্ঠানিক যোগাযোগ নাথাকিব। কোনোবাই যোগাযোগ কৰিলে সেই কৰ্মচাৰীজনে ১ লাখ টকা জৰিমনা ভৰিব লাগিব।

কোম্পানীটোৰ সহ-প্ৰতিষ্ঠাপক হৰ্ষ জৈন আৰু ভভিত শেথে কয় যে এই নতুন নীতিৰ অধীনত এবছৰৰ ভিতৰত এসপ্তাহৰ ছুটী লোৱাটো বাধ্যতামূলক। এই ছুটীৰ সময়ত কৰ্মচাৰীজনলৈ কোনো ধৰণৰ টেক্সট মেছেজ, ই-মেইল বা ফোন কল প্ৰেৰণ কৰা নহ’ব। এই ব্যৱস্থাৰ কাৰণ হ’ল ছুটীৰ সপ্তাহটো কৰ্মচাৰীজনে ভালদৰে কটাব লাগে।

Related News