দিল্লীত মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলৰ ব্যয়ৰ সীমা বৃদ্ধি কৰা হৈছে। ইয়াৰ ভিতৰত মোবাইল ফোন ক্ৰয় কৰাটোও অন্তৰ্ভুক্ত হৈছে। এতিয়াৰে পৰা দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই চৰকাৰৰ পৰা ১.৫ লাখ টকা পৰ্যন্ত টকা লৈ মোবাইল ফোন ক্ৰয় কৰিব পাৰিব।
আন মন্ত্ৰীসকলে মোবাইল ফোন ক্ৰয় কৰিবলৈ ১.২৫ লাখ টকা পৰ্যন্ত খৰচ কৰিব পাৰিব। দিল্লীত বিজেপি চৰকাৰৰ এই সিদ্ধান্তৰ পিছত বিৰোধী আম আদমী পাৰ্টিয়ে ৰাইজৰ ধন দুয়োহাতে খৰচ কৰাৰ অভিযোগ উত্থাপন কৰিছে।
সুদীর্ঘ ১২ বছৰৰ পাছত মুখ্যমন্ত্রী আৰু অন্যান্যসকলৰ বাবে ব্যয়ৰ সীমা বৃদ্ধি কৰিছে দিল্লী চৰকাৰে৷ ক্ষমতালৈ অহাৰ পাছত এই কথা অনুমোদন জনাইছে বিজেপি চৰকাৰে।
ফলত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ১.৫ লাখ টকা খৰচ কৰি মোবাইল ফোন ক্ৰয় কৰিব পাৰিব। আন মন্ত্ৰীসকলে ১.২৫ লাখ টকাৰ মোবাইল ফোন ক্ৰয় কৰিব পাৰিব।
৯ জুলাইত মন্ত্ৰীসকলৰ বাবে ব্যয়ৰ সীমা বৃদ্ধি কৰা হৈছিল। শেষবাৰৰ বাবে মোবাইল ফোনৰ ব্যয় বৃদ্ধি কৰা হৈছিল ২০১৩ চনত। তেতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ মোবাইল ফোনৰ সৰ্বোচ্চ সীমা আছিল ৫০ হাজাৰ আৰু আন মন্ত্ৰীসকলৰ বাবে আছিল ৪৫ হাজাৰ টকা।
তদুপৰি স্বাভাৱিক পৰিস্থিতিত প্ৰতি দুবছৰৰ মূৰে মূৰে দিল্লীৰ মন্ত্ৰীসকলক মোবাইল ফোন সলনি কৰাৰ অনুমতি দিয়া হৈছে। কিন্তু যদি মেৰামতিৰ প্ৰয়োজন হয়, যদি মেৰামতিৰ খৰচ মুঠ মূল্যৰ ৫০ শতাংশ হয়, তেন্তে ফোনটো সলনি কৰাৰ অনুমতিও দিয়া হৈছে। অৰ্থাৎ নতুন ফোন এটা কিনিব পাৰিব। চৰকাৰৰ যুক্তি হ’ল যে যি হাৰত ম’বাইলৰ দাম বৃদ্ধি পাইছে, সেই হাৰত এই সিদ্ধান্ত লোৱা হৈছে। তদুপৰি ফোন বিল আৰু ব্ৰডবেণ্ড বিলৰ ব্যয়ৰ উচ্চ সীমাও বৃদ্ধি কৰা হৈছে।