জেএনইউৰ গণতান্ত্ৰিক চৰিত্ৰক ধ্বংস কৰাৰ চেষ্টা : এতিয়া পৰা প্ৰতিবাদ কৰিলে শিক্ষাৰ্থীয়ে ভৰিব লাগিব জৰিমণা
এতিয়াৰ পৰা প্ৰতিবাদ কৰিলেও জৰিমণা ভৰিব লাগিব ছাত্ৰ-ছাত্ৰীয়ে। কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ যিকোনো শৈক্ষিক বা প্ৰশাসনিক ভৱনৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ধৰ্ণা, বিক্ষোভ, অনশন বা যিকোনো ধৰণৰ প্ৰতিবাদৰ কৰিলে ২০০০ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব। আনকি দুটা ছেমিষ্টাৰৰ বাবে কেম্পাছৰ পৰাও বহিষ্কাৰ কৰা হ’ব পাৰে প্ৰতিবাদ কৰা শিক্ষাৰ্থীক।
ইয়াৰ লগতে যিকোনো ৰাষ্ট্ৰ বিৰোধী শ্লোগানৰ বাবে ১০ হাজাৰ টকাকৈ জৰিমনা বিহা হ’ব। লগতে বিশ্ববিদ্যালয়ৰ কোনো সদস্যৰ বাসগৃহৰ ওচৰত কোনো ধৰণৰ প্ৰতিবাদৰ অনুমতি দিয়া নহ’ব।
শেহতীয়াকৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন হাতপুথি জাৰি কৰিছে।
হাতপুথিখনৰ মতে, ২৪ নৱেম্বৰত বিশ্ববিদ্যালয়খনৰ কাৰ্যনিৰ্বাহক পৰিষদে ছাত্ৰ-ছাত্ৰীক অনুশাসন আৰু সঠিক আচৰণ শিকোৱাৰ এক সিদ্ধান্তত অনুমোদন জনাইছিল।
হাতপুথিখনত লগতে কোৱা হৈছে যে কৰ্তৃপক্ষৰ পূৰ্বৰ অনুমতি অবিহনে নৱাগত আদৰণি সভা, বিদায় সভাকে ধৰি কোনো অনুষ্ঠান কেম্পাছত আয়োজন কৰিব নোৱাৰিব। এনে অনুষ্ঠান আয়োজন কৰা ছাত্ৰ-ছাত্ৰীয়ে ৬০০০ টকা জৰিমনা ভৰিব লাগিব।
সোমবাৰে জে এন ইউ ছাত্ৰ একতা সভাই এই হাতপুথিৰ তীব্ৰ বিৰোধিতা কৰি এক বিবৃতি প্ৰকাশ কৰে। ছাত্ৰ একতা সভাৰ মতে, দশক দশক ধৰি জেএনইউক সংজ্ঞায়িত কৰি অহা সজীৱ কেম্পাছ সংস্কৃতিক ধ্বংস কৰিবলৈ এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ইচিৰ এই সিদ্ধান্তই অনুমোদন পোৱাৰ কিছু সময়ৰ পাছতে জেএনইউএছইউৰ সভাপতি আইছি ঘোষক ১০ হাজাৰ টকাৰ জৰিমনা বিহা হৈছিল। যোৱা ২ মাৰ্চত ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ তলাবন্ধ দুৱাৰত জোৰকৈ টোকৰ দিয়াৰ বাবে এই জৰিমনা বিহা হৈছিল। আৰু এনে কাৰ্যৰ পুনৰাবৃত্তি নকৰিবলৈ সকীয়াই দিয়া হৈছিল।
JNU bans protests inside campus and declares 20,000 fines to anyone who violates. The other day, VC was giving lectures about Modi being the tallest spokesperson of democracy… following the same footsteps. pic.twitter.com/sKHDrTVqAl
— Aishe (ঐশী) (@aishe_ghosh) December 12, 2023
হাতপুথিৰ অনুসৰি যদি কোনো ছাত্ৰক তেওঁলোকৰ অধ্যয়নকালত পাঁচ বা তাতকৈ অধিক বাৰ শাস্তি দিয়া হয় তেন্তে বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হ’ব পাৰে আৰু জৰিমনা আদায় নোহোৱালৈকে ছেমিষ্টাৰৰ পৰীক্ষাত বহিবলৈ দিয়া নহ’ব পাৰে।
বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সংগঠনসমূহে এই পদক্ষেপক তীব্ৰ গৰিহণা দিছে। তেওঁলোকে অনুভৱ কৰে যে ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লোৱা হৈছে।
অৱশ্যে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য শান্তিশ্ৰী পণ্ডিতে কয় যে বিশ্ববিদ্যালয়খনত এই নিয়মসমূহ দীৰ্ঘদিন ধৰি চলি আহিছে। তেওঁ কয়, ‘ইচিয়ে যোৱা মাহত সৰ্বসন্মতিক্ৰমে এই নিৰ্দেশনা গৃহীত কৰিছিল যাতে এই হাতপুথিখন আইনগতভাৱে বলবৎ কৰিব পৰা যায়।’