চাহৰ কেটলিৰ পৰা ৰাজদণ্ডলৈ, মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰীলৈ : ২৩ বছৰীয়া যাত্ৰা নৰেন্দ্ৰ মোদীৰ

২৩ বছৰ পূৰ্বে আজিৰ দিনটোতেই অৰ্থাৎ ২০০১ চনৰ ৭ অক্টোবৰত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল নৰেন্দ্ৰ দামোদৰদাস মোদীয়ে।

ভাৰতত অটল বিহাৰী বাজপেয়ী-লালকৃষ্ণ আদৱানীৰ আদিৰ নেতৃত্বত চলা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সংগ্ৰাম আৰু ৰাজনৈতিক যাত্ৰাৰ ফলস্বৰূপে গুজৰাটত শাসনলৈ আহিছিল ভাৰতীয় জনতা পাৰ্টি।

গুজৰাটৰ মুখ্যমন্ত্রীৰ আসনত অধীস্থিত হৈছিল ৫১ বছৰীয়া বিজেপি নেতা তথা বাল্যকালৰে পৰা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কৰ্মী হিচাপে কাম কৰা নৰেন্দ্ৰ মোদী। তাৰপিছত আৰু থমকিব লগা হোৱা নাই নেতাগৰাকীয়ে। ২০০১ চনত মুখ্যমন্ত্ৰী হিচাপে আৰম্ভ কৰা যাত্ৰাৰ পিছত ২০১৬ চনত দেশৰ সাধাৰণ নিৰ্বাচনত বিপুল ভোট লাভ কৰি দেশৰ শাসন লাভ কৰে ভাৰতীয় জনতা পাৰ্টিয়ে আৰু প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে।

সেয়ে আজিৰ দিনটো উদযাপন কৰিছে বিজেপিয়ে। উদযাপন কৰিছে নৰেন্দ্ৰ মোদীৰ অনুৰাগীসকলে।

গুজৰাটৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী আৰু তিনিবাৰৰ প্ৰধানমন্ত্ৰী হিচাপে এই অভিলেখ মোডীৰ হাতত আছে। তেওঁৰ চৰকাৰে দুটা দশকৰো অধিক সময়ছোৱাত ৰাজ্য আৰু কেন্দ্ৰত কেইবাটাও উন্নয়নমূলক আৰু বিপ্লৱী সিদ্ধান্ত গ্ৰহণ কৰিছে। কেইবাবাৰো জনসাধাৰণৰ বৃহৎ প্ৰতিবাদৰ সমুখীন হোৱাৰ পিছতো পুনৰ বিজেপিয়েই দেশৰ শাসনভাৰ লাভ কৰিছে।

মোদীৰ ৰাজনৈতিক জীৱনৰ দীৰ্ঘদিনীয়া বন্ধু, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ সফলতাৰ বাবে কামনা আৰু অভিনন্দন জ্ঞাপন কৰে।

মন কৰিবলগীয়া যে মোডীৰ জন্ম স্বাধীন ভাৰতত হৈছিল। স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰা ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী।