১ অক্টোৱৰৰ পৰা সমগ্ৰ দেশতে বৃদ্ধি পাব পাৰে মিঠাতেলৰ মূল্য, কিন্তু কিয়?

mus

নিত্য প্ৰয়োজনীয় সামগ্ৰী সমূহৰ ভিতৰৰে এবিধ হৈছে মিঠাতেল।

মিঠাতেলৰ এতিয়াই আকাশলংঘী দাম। এই দাম ১ অক্টোৱৰৰ পৰা আৰু অধিক বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে।

এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথ’ৰিটি অব ইণ্ডিয়াই জাৰি কৰা এক বিশেষ নিৰ্দেশনাই প্ৰভাৱ পেলাব বুলি ভবা হৈছে।

ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথ’ৰিটি অব ইণ্ডিয়াই জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে ১ অক্টোৱৰৰ পৰা কোনো কোম্পানীয়ে সকলো লোকেই ব্যৱহাৰ কৰি অহা মিঠাতেলত কোনো ধৰণৰ আন ভোজ্য তেল মিহলাব নোৱাৰিব।

ইয়াৰ আগলৈকে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথ’ৰিটি অব ইণ্ডিয়াই মিঠাতেলত সৰ্বাধিক ২০ শতাংশ পৰিমাণৰ আন ভোজ্য তেল মিহলি কৰাৰ বাবে কোম্পানী সমূহক অনুমতি দিছিল।

কিন্তু ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথ’ৰিটি অব ইণ্ডিয়াৰ সেই অনুমতিৰ সুযোগলৈ একাংশ অসাধু ব্যৱসায়ীয়ে ২০ শতাংশতকৈ অধিক খোৱাৰ যোগ্য অথবা খোৱাৰ অযোগ্য তেল মিহলাই আহিছে।

শেহতীয়াকৈ ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথ’ৰিটি অব ইণ্ডিয়াই দেশৰ কেইবাখনো প্ৰধান প্ৰধান চহৰৰ পৰা মিঠাতেলৰ ৪,৫০০ টা নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাত প্ৰায়বোৰতে ব্যাপক ভেজাল কৰাৰ কথা ধৰা পেলায়।

মিঠাতেলক ভেজাল হোৱাৰ পৰা ৰক্ষা কৰাৰ বাবেই ১ অক্টোৱৰৰ পৰা ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথ’ৰিটি অব ইণ্ডিয়াই মিঠাতেলত আন কোনো ধৰণৰ খোৱাৰ যোগ্য তেল মিহলাব নোৱাৰিব বুলি নিৰ্দেশ দিয়ে।

ফলত পূৰ্বে ২০ শতাংশ কম দামৰ খোৱা তেল মিহলোৱাৰ অনুমতি পোৱা কোম্পানী বোৰে তেনে সুবিধাৰ পৰা বঞ্চিত হোৱাৰ কাৰণ দৰ্শাই  মিঠাতেলৰ মূল্য বঢ়াই দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ।