বিজেপিৰ নিৰ্বাচনী চমক! মাত্ৰ ২৪ পইচালৈহে কমিল পেট্ৰ’ল-ডিজেলৰ মূল্য

petroldiesel_3

এমাহত তিনি-চাৰি বাৰলৈ ইন্ধনৰ মূল্যবৃদ্ধি ঘটোৱা বিজেপি নেতৃত্বাধীন চৰকাৰ খনে ৪ ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে দেশবাসীক চমক দিবলৈ ইন্ধনৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে।

সেই মৰ্মে বিগত ২৫ দিন ধৰি  অপৰিৱৰ্তিত হৈ থকাৰ পিছত  পেট্ৰ’ল আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ১৭ পইচাৰ পৰা ২৪ পইচালৈ হ্ৰাস কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

দিল্লীত পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ১৮ পইচাকৈ কমিছে।একেদৰে চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ২৪ পইচাকৈ কমিছে।

মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হ্ৰাস কৰা হৈছে ১৭ পইচাকৈ।

এনেদৰেই মোদীৰ চৰকাৰে কেৱল মাত্ৰ নামত ইন্ধনৰ মূল্য হ্ৰাস কৰি জনতাৰ বাঃ বাঃ ল’ব বিচৰাৰ কথাই এতিয়া বহুতকে আচৰিত কৰি তুলিছে।

আন্তঃৰাষ্ট্ৰীয় বজাৰত ইন্ধনৰ মূল্য বৃদ্ধি নোপোৱাৰ পিছতো ভাৰতত নিৰন্তৰ ভাবে কি কাৰণত ইন্ধনৰ মূল্য বৃদ্ধি কৰি যোৱা হৈছে সেয়া সকলোৰে বাবে এক সাঁথৰ হৈয়ে ৰৈছে।

এতিয়া ৪ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবেই জনতাক আভুঁৱাভাঁৰিবলৈ চৰকাৰে প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য মাত্ৰ ২৫ পইচাতকৈয়ো কম কৈ হ্ৰাস কৰি বৃহৎ কিবা এটা কৰা দেখুৱাব বিচাৰিছে।