পঞ্জাৱ নেশ্যনেল বেংকৰ ঋণ জালিয়াতিৰ গোচৰৰ সৈতে জড়িত পলাতক হীৰা ব্যৱসায়ী মেহুল চোক্সিক বেলজিয়ামত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সোমববাৰে পুৱা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ সূত্ৰই এই কথা নিশ্চিত কৰিছে। শনিবাৰে গ্ৰেপ্তাৰ হোৱা ৬৫ বছৰীয়া চোক্ছি বৰ্তমান বেলজিয়ামৰ এখন কাৰাগাৰত আছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে হীৰা ব্যৱসায়ী চোক্সিয়ে পঞ্জাৱ নেশ্যনেল বেংকৰ পৰা ১৩,৫০০ কোটি প্ৰৱঞ্চনাৰে সৰকাই দেশ এৰি পলায়ন কৰিছিল। এই বেংক প্ৰৱঞ্চনাত তেওঁৰ সৈতে ভতিজাক নীৰৱ মোদীও জড়িত হৈ আছিল। অভিযোগ অনুসৰি তেওঁলোকে মুম্বাইত থকা বেংকৰ ব্ৰেডী হাউছ শাখাৰ বিষয়াসকলক উৎকোচ দি লেটাৰ অৱ আণ্ডাৰটেকিং (এল অ’ ইউ) আৰু ফৰেইন লেটাৰ অৱ ক্ৰেডিট (এফ এল চি) ব্যৱহাৰ কৰিছিল।
ইয়াৰ পাছতে দেশৰ দ্বিতীয় বৃহত্তম বেংক পিএনবি মেহুল চোক্সি, নীৰৱ মোদী আৰু তেওঁৰ প্ৰতিষ্ঠান গীতাঞ্জলি জেমছৰ পৰিচালন সঞ্চালককে ধৰি কেইবাগৰাকী লোকৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ দাখিল কৰিছিল। পিএনবিত কেলেংকাৰি উত্থাপন হোৱাৰ কেইসপ্তাহমান পূৰ্বে ২০১৮ চনৰ জানুৱাৰী মাহত চোক্সি আৰু মোদীয়ে ভাৰতৰ পৰা পলায়ন কৰিছিল।
ইতিমধ্যে নীৰৱ মোদীক গ্ৰেপ্তাৰ ২০১৯ চনৰ মে’ মাহত লণ্ডনত মেট্ৰ’পলিটান পুলিচে গ্ৰেপ্তাৰ কৰিছিল। তেওঁক প্ৰত্যাৰ্পণৰ বাবে ভাৰতে চেষ্টা চলাই আছে। কিন্তু মোদীয়ে আইনী প্ৰত্যাহ্বান জনোৱাৰ বাবে তেওঁক ভাৰতলৈ প্ৰত্যাপৰ্ণ এতিয়াও সম্ভৱ হোৱা নাই।
ইপিনে ইকনমিক টাইমছে বাতৰি প্ৰকাশ কৰিছে যে, চোক্সীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ত মুম্বাইৰ আদালতে দুটা গোচৰত গ্ৰেপ্তাৰৰ পৰোৱানাৰ জাৰি কৰিছিল। যোৱা মাহত বেলজিয়ামৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতৰ এক সংবাদ সংস্থাক নিশ্চিত কৰিছিল যে মেহুল চোক্সি ইউৰোপৰ দেশখনতে আছে। খবৰ অনুসৰি মেহুল চোক্সিয়ে দেশখনত ‘ৰেচিডেন্সি কাৰ্ড’ লাভ কৰি পত্নী তথা বেলজিয়ামৰ নাগৰিক প্ৰীতি চোক্সিৰ সৈতে এণ্টৱাৰ্পত বাস কৰি আহিছে। এন্টিগুয়া আৰু বাৰবুডাৰ নাগৰিক হিচাপে তেওঁ দ্বীপ ৰাষ্ট্ৰখন এৰি কেন্সাৰৰ চিকিৎসাৰ বাবে ছুইজাৰলেণ্ডলৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি জানিব পৰা গৈছে।
২০২১ চনত এন্টিগুয়াৰ পৰা নিৰুদ্দেশ হৈছিল যদিও পিছত কেৰিবিয়ানৰ আন এখন দ্বীপ ৰাষ্ট্ৰ ডমিনিকাত তেওঁৰ সন্ধান লাভ কৰিছিল। ইয়াৰ প্ৰায় চাৰিটা বছৰৰ পিছত মহাপ্ৰৱঞ্চকগৰাকীক বেলজিয়ামত গ্ৰেপ্তাৰ কৰা হয়। এতিয়া বেলজিয়ামৰ পৰা চোক্সিক কেতিয়াকৈ ভাৰতলৈ প্ৰত্যাপৰ্ণ কৰা হয় সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ’ব।