আজিৰে পৰা আৰম্ভ আইপিএল : চলিত চিজনত কি কি অভিলেখ ভংগ কৰিব বিৰাট কোহলীয়ে?

আজিৰে পৰা আৰম্ভ হ’ব চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আইপিএল।

প্ৰথম মেচখনেই হৈ পৰিছে এখন ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতা।

প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিৰাট কোহলী নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (আৰচিবি) আৰু ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছে (এমআই)।

ইতিমধ্যে আইপিএলত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই অহা বিশ্ব ক্ৰিকেটৰ অন্যতম তাৰকা বেটছমেন বিৰাট কোহলীয়ে ১৩টা চিজনধৰি একেটা ফ্ৰেঞ্জাইজি দলতে খেলি আহিছে।

২০০৮ চনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হৈ আইপিএল অভিষেক ঘটা ক্ৰিকেটাৰজনে টুৰ্ণামেণ্টটোত গঢ়ি গৈছে এটাৰ পাছত আন এটা অভিলেখ।

২০১৬ চনৰ আইপিএল চিজনত তেওঁৰ দুৰ্দান্ত প্ৰদৰ্শনৰ সহায়ত আৰচিবিয়ে টুৰ্ণামেণ্টটোৰ ফাইনেলত অৱতীৰ্ণ হৈছিল, যদিও ফাইনেলখনত চানৰাইজাৰ্ছ হাইদৰাবাদৰ হাতত পৰাস্ত হ’ব লগা হয়।

উক্ত চিজনত তেওঁ চাৰিটা দুৰ্দান্ত শতকীয় ইনিংছৰ দ্বাৰা মুঠ ৯৭৩ ৰাণ সংগ্ৰহ কৰিছিল।

উল্লেখযোগ্য এইটো হৈছে এটা আইপিএল চিজনতে এজন বেটছমেনে সংগ্ৰহ কৰা আটাইতকৈ বৃহৎসংখ্যক ৰাণ।

ইয়াৰ উপৰিও টুৰ্ণামেণ্টটোৰ আটাইতকৈ বেছি ৰাণ সংগ্ৰহ কৰাৰো অভিলেখ কোহলীৰ হাততে আছে।

শেহতীয়াকৈ কোহলীয়ে জনাইছে যে চলিত বৰ্ষৰ আইপিএলত তেওঁ এজন অপেনিং বেটছমেন হিচাপে দলৰ ইনিংছ মুকলি কৰিব।

এজন অপেনিং বেটছমেন হিচাপে তেওঁ দুৰ্দান্ত প্ৰদৰ্শন কৰি আৰচিবিক প্ৰথমবাৰৰ বাবে আইপিএলৰ খিতাপ জয় কৰোৱাব বুলি অনুৰাগীসকলে আশা প্ৰকাশ কৰিছে।

তদুপিৰ চলিত বৰ্ষৰ চিজনতে কোহলীয়ে তেওঁৰ আইপিএল কেৰিয়াৰত কেইবাটাও অভিলেখ অতিক্ৰম কৰিব বুলি চৰ্চা চলি আছে।

তেওঁ অতিক্ৰম কৰিবলগা অভিলেখসমূহৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে-

উল্লেখযোগ্য যে বিৰাট কোহলীয়ে বৰ্তমানলৈকে আইপিএলত ১৯২ খন মেচৰ ১৮৪ টা ইনিংছত ৫টা শতক আৰু ৩৯টা অৰ্ধশতকসহ মুঠ ৫৮৭৮ ৰাণ সংগ্ৰহ কৰিছে।

তেওঁ সৰ্বোচ্চ স্ক’ৰ হৈছে ১১৩।

আনহাতে, আইপিএলত কোহলীৰ এভাৰেজ ৰাণ হৈছে ৩৮.১৭ আৰু ষ্ট্ৰাইক ৰেট ১৩০.৭৪।