সুৰা কেলেংকাৰীৰ গোচৰৰ আওতাৰ পৰা মুক্ত হোৱা নাই দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা আপ নেতা মনীষ চিছ’দিয়া। গোচৰৰ তদন্ত চলাই থকা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই- এ পুনৰ চমন জাৰি কৰি জেৰাৰ বাবে চিছ’দিয়াক চিবিআইৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিছে।
জানিব পৰা মতে, শেহতীয়াকৈ এই গোচৰত নতুনকৈ গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ পৰা লাভ কৰা নতুন প্ৰমাণৰ ভিত্তিত কাইলৈ সোধা-পোছাৰ বাবে চিছ’দিয়াক তলব কৰা হৈছে। এক টুইট যোগে চিছ’দিয়াই চিবিআইৰ চমনৰ বিষয়ে সদৰী কৰিছে।
টুইটটোত তেওঁ কয়, “কাইলৈ পুনৰ চিবিআইয়ে মোক তলব কৰিছে। এনফৰ্চমেণ্ট ডাইৰেক্টৰেট আৰু চিবিআইৰ সম্পূৰ্ণ ক্ষমতা মোৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে। বিষয়াসকলে মোৰ ঘৰত, মোৰ বেংকৰ লকাৰত তালাচী চলাইছিল যদিও মোৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা নগ’ল।”
চিছ’দিয়াই লগতে কয় যে, তেওঁ দিল্লীৰ শিশুৰ বাবে উন্নত শিক্ষাৰ ব্যৱস্থা কৰিছে। কিন্তু তেওঁৰ এই কামত বাধা দিয়াৰ চেষ্টা কৰিছে বুলি চিছ’দিয়াই পৰোক্ষভাৱে বিজেপিলৈ অভিযোগ তোলে। অৱশ্যে তদন্ত তেওঁ সদায়ে সহযোগ কৰিছে তথা আগলৈও কৰিব বুলি চিছ’দিয়াই লগতে দোহাৰে।
সূত্ৰ অনুসৰি, দেওবাৰে পুৱা ১১ বজাত দিল্লীস্থিত চিবিআইৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে চিছ’দিয়াক। ইফালে চমনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীৰ সুৰা নীতিৰ গোচৰত কোনো কেলেংকাৰী সংঘটিত হোৱা নাছিল বুলি দাবী কৰি এয়া মনীষ চিছ’দিয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি অভিযোগ কৰে।
লক্ষণীয়ভাৱে চলিত মাহৰ আৰম্ভণিতে সুৰা নীতিত বিত্তীয় অনিয়মৰ তদন্ত কৰি থকা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে দাখিল কৰা চাৰ্জশ্বীটত নাম উল্লেখ নাছিল মনীষ চিছ’দিয়াৰ। অৱশ্যে তদন্তকাৰী সংস্থাটোৱে বিষয়টোৰ ওপৰত অধিক তদন্ত অব্যাহত আছে বুলি আদালতত উল্লেখ কৰিছিল।
চাৰ্জশ্বীটত ইডিয়ে লগতে দিল্লীৰ শাসকীয় আম আদমী পাৰ্টিয়ে সুৰা কেলেংকাৰিৰ পৰা আহৰণ কৰা বৃহৎ পৰিমাণৰ গোৱাত নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিছিল বুলিও উল্লেখ কৰিছিল।
উল্লেখ্য যে দিল্লীত আপ চৰকাৰে বলবৎ কৰা নতুন সুৰা নীতিৰ প্ৰস্তুত আৰু কাৰ্যকৰী কৰণত অনিয়মৰ অভিযোগৰ তদন্তৰ বাবে আগষ্ট মাহত চিবিআইয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। তাৰ পিছতে আইএএছ বিষয়া আৰু দিল্লীৰ প্ৰাক্তন আবকাৰী আয়ুক্ত অৰাভা গোপী কৃষ্ণাৰ বাসগৃহ, মনীষ চিছ’দিয়াৰ দিল্লীৰ বাসগৃহৰ লগতে সাতখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত তালাচী চলাইছিল।
চিবিআইৰ অভিযানৰ পাছতে চিছ’দিয়াৰ লগতে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে বিজেপিয়ে আপৰ কৰ্মমুখী ৰাজনীতিত ভীতিগ্ৰস্ত হৈয়ে চিবিআই- ক এনেদৰে ব্যৱহাৰ কৰিছে বুলি অভিযোগ তুলিছিল। লগতে দেশৰ ৰাজনীতিত বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দী হিচাপে আপৰ উত্থানত শংকিত হৈয়ে বিজেপিয়ে চিছ’দিয়াক লক্ষ্য কৰি লৈছে বুলি আপে দাবী কৰিছিল।
তাৰ পিছতেই মনীষ চিছ’দিয়াই বিজেপিৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। চিবিআইৰ অভিযানৰ মাজতে যদি চিছ’দিয়াই আম আদমী পাৰ্টি (আপ) ত্যাগ কৰি বিজেপিত যোগ দিয়ে, তেতিয়া তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো গোচৰ বন্ধ কৰা হ’ব বুলি বিজেপিয়ে এক প্ৰস্তাৱ আগবঢ়োৱা বুলি দাবী কৰিছিল চিছ’দিয়াই।
বিজেপিৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি চিছ’দিয়াই বিজেপিৰ তেওঁৰ বিৰুদ্ধে যি ইচ্ছা কৰিব পাৰে বুলি প্ৰত্যাহ্বান জনাইছিল।