• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সুৰা কেলেংকাৰীৰ তদন্তত নতুন প্ৰমাণ! মনীষ চিছ’দিয়াক পুনৰ তলব চিবিআইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2023 6:17 pm
Manish Sisodia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুৰা কেলেংকাৰীৰ গোচৰৰ আওতাৰ পৰা মুক্ত হোৱা নাই দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা আপ নেতা মনীষ চিছ’দিয়া। গোচৰৰ তদন্ত চলাই থকা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই- এ পুনৰ চমন জাৰি কৰি জেৰাৰ বাবে চিছ’দিয়াক চিবিআইৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিছে।

জানিব পৰা মতে, শেহতীয়াকৈ এই গোচৰত নতুনকৈ গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ পৰা লাভ কৰা নতুন প্ৰমাণৰ ভিত্তিত কাইলৈ সোধা-পোছাৰ বাবে চিছ’দিয়াক তলব কৰা হৈছে। এক টুইট যোগে চিছ’দিয়াই চিবিআইৰ চমনৰ বিষয়ে সদৰী কৰিছে।

Apply Now

টুইটটোত তেওঁ কয়, “কাইলৈ পুনৰ চিবিআইয়ে মোক তলব কৰিছে। এনফৰ্চমেণ্ট ডাইৰেক্টৰেট আৰু চিবিআইৰ সম্পূৰ্ণ ক্ষমতা মোৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে। বিষয়াসকলে মোৰ ঘৰত, মোৰ বেংকৰ লকাৰত তালাচী চলাইছিল যদিও মোৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা নগ’ল।”

চিছ’দিয়াই লগতে কয় যে, তেওঁ দিল্লীৰ শিশুৰ বাবে উন্নত শিক্ষাৰ ব্যৱস্থা কৰিছে। কিন্তু তেওঁৰ এই কামত বাধা দিয়াৰ চেষ্টা কৰিছে বুলি চিছ’দিয়াই পৰোক্ষভাৱে বিজেপিলৈ অভিযোগ তোলে। অৱশ্যে তদন্ত তেওঁ সদায়ে সহযোগ কৰিছে তথা আগলৈও কৰিব বুলি চিছ’দিয়াই লগতে দোহাৰে।

সূত্ৰ অনুসৰি, দেওবাৰে পুৱা ১১ বজাত দিল্লীস্থিত চিবিআইৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে চিছ’দিয়াক। ইফালে চমনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীৰ সুৰা নীতিৰ গোচৰত কোনো কেলেংকাৰী সংঘটিত হোৱা নাছিল বুলি দাবী কৰি এয়া মনীষ চিছ’দিয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি অভিযোগ কৰে।

লক্ষণীয়ভাৱে চলিত মাহৰ আৰম্ভণিতে সুৰা নীতিত বিত্তীয় অনিয়মৰ তদন্ত কৰি থকা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে দাখিল কৰা চাৰ্জশ্বীটত নাম উল্লেখ নাছিল মনীষ চিছ’দিয়াৰ। অৱশ্যে তদন্তকাৰী সংস্থাটোৱে বিষয়টোৰ ওপৰত অধিক তদন্ত অব্যাহত আছে বুলি আদালতত উল্লেখ কৰিছিল।

চাৰ্জশ্বীটত ইডিয়ে লগতে দিল্লীৰ শাসকীয় আম আদমী পাৰ্টিয়ে সুৰা কেলেংকাৰিৰ পৰা আহৰণ কৰা বৃহৎ পৰিমাণৰ গোৱাত নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিছিল বুলিও উল্লেখ কৰিছিল।

উল্লেখ্য যে দিল্লীত আপ চৰকাৰে বলবৎ কৰা নতুন সুৰা নীতিৰ প্ৰস্তুত আৰু কাৰ্যকৰী কৰণত অনিয়মৰ অভিযোগৰ তদন্তৰ বাবে আগষ্ট মাহত চিবিআইয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। তাৰ পিছতে আইএএছ বিষয়া আৰু দিল্লীৰ প্ৰাক্তন আবকাৰী আয়ুক্ত অৰাভা গোপী কৃষ্ণাৰ বাসগৃহ, মনীষ চিছ’দিয়াৰ দিল্লীৰ বাসগৃহৰ লগতে সাতখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত তালাচী চলাইছিল।

চিবিআইৰ অভিযানৰ পাছতে চিছ’দিয়াৰ লগতে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে বিজেপিয়ে আপৰ কৰ্মমুখী ৰাজনীতিত ভীতিগ্ৰস্ত হৈয়ে চিবিআই- ক এনেদৰে ব্যৱহাৰ কৰিছে বুলি অভিযোগ তুলিছিল। লগতে দেশৰ ৰাজনীতিত বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দী হিচাপে আপৰ উত্থানত শংকিত হৈয়ে বিজেপিয়ে চিছ’দিয়াক লক্ষ্য কৰি লৈছে বুলি আপে দাবী কৰিছিল।

তাৰ পিছতেই মনীষ চিছ’দিয়াই বিজেপিৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। চিবিআইৰ অভিযানৰ মাজতে যদি চিছ’দিয়াই আম আদমী পাৰ্টি (আপ) ত্যাগ কৰি বিজেপিত যোগ দিয়ে, তেতিয়া তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো গোচৰ বন্ধ কৰা হ’ব বুলি বিজেপিয়ে এক প্ৰস্তাৱ আগবঢ়োৱা বুলি দাবী কৰিছিল চিছ’দিয়াই।

বিজেপিৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি চিছ’দিয়াই বিজেপিৰ তেওঁৰ বিৰুদ্ধে যি ইচ্ছা কৰিব পাৰে বুলি প্ৰত্যাহ্বান জনাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd