NORTHEAST NOW (Assamese)

‘ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ শেষকৃত্য’ মুখ্যমন্ত্ৰী

May 12, 2021 2:27 pm · এন ই নাও নিউজ

আজি পুৱা ৬.৫৮ বজাত গুৱাহাটীৰ জিএনআৰচিত মৃত্যু হোৱা বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ব। এই কথা জনাইছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুৰ পিছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনাইছে যে শেষকৃত্যৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষামন্ত্ৰী মন্ত্ৰী ডাঃ ৰণোজ পেগুক দায়িত্ব দিয়া হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব দিয়াৰ পিছতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জিএনআৰচিত উপস্থিত হৈছে আৰু ইয়াৰ পিছতে বৰোগোহাঞিৰ শেষকৃত্য সমাপনৰ সকলো দায়িত্ব তদাৰক কৰি আছে।

“প্ৰয়াত হোমেন বৰগোহাঞিদেৱৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষামন্ত্ৰী ডা· ৰণোজ পেগুক দায়িত্ব দিয়া হৈছে৷ তেওঁ ইতিমধ্যে জিএনআৰচি হাস্পতালত উপস্থিত হৈছে৷ বৰগোহাঞিদেৱৰ বিদেহ আত্মাৰ চিৰশান্তি পুনৰ কামনা কৰিলোঁ৷ঔম শান্তি।” টুইটত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব এইদৰে শৰ্মাই কয়।

উল্লেখ্য যে আজি পুৱা বিচনাৰ পৰাৰ মজিয়াত পৰাৰ পিছতে ততাতৈয়াকৈ বিশিষ্ট সাহিত্যিকগৰাকীক জিএনআৰচিত ভৰ্তি কৰোৱা হৈছিল যদিও পুৱা ৬.৫৮ মিনিটত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

Related News