ভাৰত পাকিস্তানৰ মাজত বৰ্ধিত উত্তেজনাই বিশ্ব ৰাষ্ট্ৰগোষ্ঠীৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। সেয়ে ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক উত্তেজনা হ্ৰাস কৰিবলৈ বৈঠকত মিলিত হৈছে জি-৭। আৰু জি-৭ গোটৰ অন্তৰ্গত সাতখন দেশে এক যৌথ বিবৃতি প্ৰকাশ কৰি পেহেলগাম আক্ৰমণক গৰিহণা দিয়ে।
উল্লেখ্যা যে ২২ এপ্ৰিলত পেহেলগাম পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰে অধিকাংশই আছিল পৰ্যটক। সেই আক্রমণৰ প্রতিশোধ স্বৰূপে ভাৰতে পাকিস্তানৰ মাটিত থকা সন্ত্ৰাসবাদী আত্মগোপনস্থলীত আক্ৰমণ চলায়। কেৱল উগ্ৰপন্থী মুখ্য কাৰ্যালয়সমূহক নিৰ্বাচিতভাৱে আক্ৰমণ কৰি ধ্বংস কৰা হৈছিল। এই আক্ৰমণত এশৰো অধিক উগ্ৰপন্থী নিহত হয়। যদিও ভাৰতে স্পষ্টকৈ কৈছিল যে এই নিৰ্দিষ্ট আক্ৰমণ কেৱল সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰিহে সংঘটিত কৰা হৈছে। পাকিস্তানী সামৰিক বাহিনী বা সাধাৰণ নাগৰিকৰ কোনো ক্ষতি হোৱা নাছিল। কিন্তু সন্ত্ৰাসবাদী আত্মগোপনস্থলীত হোৱা আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই পাকিস্তানে ভাৰতীয় সাধাৰণ নাগৰিকক লক্ষ্য কৰি প্ৰতিশোধ লয়। বিগত কিছুদিন ধৰি দুয়োখন দেশৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে।
পেহেলগাম কাণ্ডক লৈ ভাৰত-পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাক লৈ সমগ্ৰ বিশ্বই এতিয়া চিন্তিত হৈ পৰিছে। ইয়াৰ পূৰ্বে বিশ্বৰ অধিকাংশ দেশেই পেহেলগাম আক্ৰমণক গৰিহণা দিছিল। কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু আমেৰিকাক লৈ গঠিত জি-৭এ পহলগাঁও আক্ৰমণক গৰিহণা দি এক যৌথ বিবৃতি প্ৰকাশ কৰিছে।
জি-৭ৰ বিবৃতিটোত ভাৰত আৰু পাকিস্তান উভয়কে সংযম হ’বলৈ আহ্বান জনাইছে। লগতে কয় যে যিকোনো সামৰিক ব্যৱস্থাই অঞ্চলটোৰ শান্তি আৰু স্থিতিশীলতাৰ বাবে গুৰুতৰ বিপদৰ সৃষ্টি কৰিব। দুয়োখন দেশক শীঘ্ৰে উত্তেজনা হ্ৰাস কৰি শান্তিৰ বাবে মুখামুখি আলোচনাত মিলিত হ’বলৈ আহ্বান জনাইছে।