• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

স্বাস্থ্য নিদানঃ গলব্লাডাৰ বা পিত্তথলীৰ কেঞ্চাৰ

ডাঃ বিক্ৰম কুমাৰ ডেকা by ডাঃ বিক্ৰম কুমাৰ ডেকা
March 9, 2024 6:22 pm
Gallbladder Cancer
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গল ব্লাডাৰ শব্দটিৰ সৈতে আমি সকলোৱেই কম-বেছি পৰিমাণে পৰিচিত। আনকি বহুতৰে বাবে পিত্তথলী বুলি কোৱাতকৈ গল ব্লাডাৰ বুলিলেহে সহজে বোধগম্য হয়। গল ব্লাডাৰ বা পিত্তথলী হৈছে মানৱদেহৰ লিভাৰ বা যকৃতৰ ঠিক তলতে থকা এটি সৰু নাচপতিৰ আকৃতিৰ অংগ। পিত্তথলী বা গলব্লাডাৰত লিভাৰ বা যকৃতে চৰ্বী হজম কৰিবৰ বাবে প্ৰস্তুত কৰা পাচক ৰস জমা হয়। যেতিয়া আমি খাদ্যগ্ৰহণ কৰো আৰু এই খাদ্য খণ্ডিতৰূপত পেট আৰু ক্ষুদ্ৰান্ত্ৰত প্ৰবেশ কৰে, তেতিয়া এই পিত্তথলীৰ পৰা ওলোৱা পাচক ৰসসমূহ “common bile duct” বা পিত্তনলীকাৰ মাধ্যমেৰে ক্ষুদ্ৰান্ত্ৰত প্ৰৱেশ কৰে। এই পাচক ৰসে খাদ্যসমূহ হজম কৰাৰ প্ৰক্ৰিয়াত সহায় কৰে।

গলব্লাডাৰ বা পিত্তথলীৰ বেৰাখনৰ চাৰিটা বিশেষ কোষিকাৰ তৰপ থাকে। সেইকেইটা হৈছে-
১)শ্লৈষ্মিক (আভ্যন্তৰীণ) তৰপ
২)মাংসপেশীৰ তৰপ
৩)সংযোগী কোষিকাৰ তৰপ আৰু
৪)লৈসিক(বাহ্যিক)তৰপ।

এই পিত্তথলী বা গলব্লাডাৰো কৰ্কটৰোগত আক্ৰান্ত হয়। আন আন কৰ্কটৰোগৰ দৰেই পিত্তথলী বা গলব্লাডাৰৰ কৰ্কটৰোগো গলব্লাডাৰত কৰ্কটৰোগজনিত কোষৰ অনিয়ন্ত্ৰিত বিভাজন হোৱাৰ ফলতেই সৃষ্টি হয়। পিত্তথলীৰ কৰ্কটৰোগ প্ৰাথমিক পৰ্যায়ত আভ্যন্তৰীণ তৰপত সৃষ্টি হয় আৰু ৰোগ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ই বাহ্যিক তৰপলৈকে বিয়পি পৰে। পাচকনলীকাত হ’ব পৰা কৰ্কটৰোগসমূহৰ ভিতৰত পিত্তথলী বা গলব্লাডাৰৰ কৰ্কটৰোগেই প্ৰধান। বিশ্বজুৰি ইয়াৰ মাত্ৰা ৮০ ৰ পৰা ৯৫% ৰ ভিতৰত। অন্ত্ৰনলীৰ যিকোনো অংশত হোৱা ভিন্ন কৰ্কটৰোগৰ ভিতৰত ষষ্ঠ স্থানত আছে গলব্লাডাৰৰ কৰ্কটৰোগ।

সাধাৰণতে অৰ্থাৎ প্ৰায়বিলাক ৰোগীৰ ক্ষেত্ৰতেই গলব্লাডাৰ কেঞ্চাৰৰোগৰ সম্পূৰ্ণৰূপে বিকাশ ৫ ৰ পৰা ১৫ বছৰ সময়ৰ ভিতৰত ঘটে। চিকিৎসা বিজ্ঞানৰ ভাষাত ক’বলৈ গ’লে প্ৰথমে মেটাপ্লাজিয়াৰ পৰা ডিছপ্লাজিয়া (গলব্লাডাৰ কেঞ্চাৰ বিকাশৰ স্তৰ), ডিছপ্লাজিয়াৰ পৰা কাৰ্চিন’মা ইন চিটু আৰু তাৰপিছত ইনভেছিভ কেঞ্চাৰ।

গলব্লাডাৰ বা পিত্তথলীৰ কৰ্কটৰোগত আক্ৰান্ত হোৱাৰ ক্ষেত্ৰত কিছুমান কাৰকে ইয়াৰ শংকা বা আক্ৰান্ত হোৱাৰ ক্ষেত্ৰত বিপদসংকুলতা বৃদ্ধি কৰে। তেনে কেইটিমান বিপদসংকুলতাৰ বিষয়ে তলত উল্লেখ কৰিছোঁ-

১) বয়সঃ গলব্লাডাৰ কেঞ্চাৰৰোগত আক্ৰান্ত হোৱাৰ প্ৰৱণতা বৰ্দ্ধিত বয়সৰ সৈতে বৃদ্ধি পায়। বিশেষকৈ মধ্যবয়সীয়া যেনে ঠিক ধৰক ৬৭ মান বছৰ বয়সলৈ এই ৰোগত হোৱাৰ প্ৰৱণতা অধিক হৈ পৰে।

২) লিংগঃ গলব্লাডাৰৰ কৰ্কটৰোগৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ মাজত মহিলা আক্ৰান্ত হোৱাৰ অনুপাতত চকুত লগাকৈ পাৰ্থক্য আছে। এই অনুপাত হৈছে ১ঃ৩ (পুৰুষ), ৫(নাৰী)। প্ৰধানতঃ উত্তৰ ভাৰতীয়,পাকিস্তানী আৰু ভাৰতীয় মূলৰ আমেৰিকান নাৰীৰ ক্ষেত্ৰত এই ৰোগৰ বিপদসংকুলতা অধিক।

৩) জাতিগতঃ গলব্লাডাৰৰ কৰ্কটৰোগৰ প্ৰাদুৰ্ভাৱ এছিয়া আৰু লেটিন আমেৰিকাত চকুত লগাবিধৰকৈ উচ্চ হাৰৰ। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ তথা অন্যান্য পাশ্চাত্যৰ দেশসমূহত ইয়াৰ প্ৰাদুৰ্ভাৱ যথেষ্ট কম। ইয়াৰো মাজত এছিয়া আটাইতকৈ উচ্চ হাৰৰ প্ৰৱণতা থকা মহাদেশ।

৪) গলব্লাডাৰ ষ্ট’ন বা পিত্তথলীৰ পাথৰঃ গলব্লাডাৰ বা পিত্তথলীত পাথৰ থকাতো, পিত্তথলীৰ কৰ্কটৰোগৰ আন এটি গুৰুত্বপূৰ্ণ বিপদসংকুলতাৰ কাৰক। সাধাৰণতে ৮৫% গলব্লাডাৰৰ কৰ্কটৰোগত আক্ৰান্ত ৰোগীৰেই গলব্লাডাৰ ষ্ট’ন বা পাথৰ থকা দেখা যায়, যদিও এই পাথৰত এইবিধ কৰ্কটৰোগৰ সৃষ্টি খুব কমেইহে হয়।

এতিয়া আহিছো গলব্লাডাৰৰ কৰ্কটৰোগৰ লক্ষণসমূহৰ বিষয়লৈ। অৰ্থাৎ দেহত যি যি লক্ষণে দেখা দিলে এজন ব্যক্তিয়ে চিকিৎসকৰ ওচৰ চপা উচিত, সেইসমূহ লক্ষণৰ বিষয়ে। তেনে কেইটিমান লক্ষণ তলত উল্লেখ কৰিছোঁ-
১) জণ্ডিচ (দেহৰ ছাল আৰু চকুৰ বগা অংশ হালধীয়াৰঙী হোৱা)ত আক্ৰান্ত হোৱা
২) পেটৰ ওপৰৰ অংশত সোঁফালে বিষ অনুভৱ হোৱা
৩) জ্বৰ,
৪) ওকালি অহা বা বমিৰ ভাব আৰু বমি হোৱা
৫) পেট ফুলা
৬) পেটত টেমুনাৰ সৃষ্টি হোৱা
৭) অনাকাংক্ষিতভাৱে হ্ৰাস হোৱা ওজন
৮) খাবলৈ মন নোযোৱা হোৱা বা অৰুচি
৯) হঠাৎ হোৱা পিত্তথলীৰ প্ৰদাহ,
১০) এনিমিয়া বা তেজত হিম’গ্ল’বিনৰ মাত্ৰা কমি যোৱা।

উপৰুক্ত লক্ষণসমূহে দেখা দিলে ততাতৈয়াকৈ চিকিৎসকৰ ওচৰ চপা উচিত। গলব্লাডাৰৰ কৰ্কটৰোগ সাধাৰণতে প্ৰাথমিক পৰ্যায়ত সহজে ধৰা পেলোৱা সম্ভৱপৰ নহয়। ইয়াৰ কাৰণ কেইটামান হৈছে-
১) গলব্লাডাৰ কেঞ্চাৰৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ত কোনোধৰণৰ লক্ষণে ৰোগীৰ দেহত দেখা নিদিয়ে।
২) এই লক্ষণসমূহে দেখা দিলেও, এই লক্ষণসমূহৰ সাদৃশ্য দেহৰ আন সহজাত ৰোগৰ লগত থকাৰ বাবেও সহজে এই ৰোগ ধৰা নপৰে।
৩) গলব্লাডাৰ বা পিত্তথলীটো লিভাৰ বা যকৃতৰ তলত লুকাই থাকে।

সাধাৰণতে কিবা আন শাৰিৰীক ৰোগৰ বাবে গলব্লাডাৰটো দেহৰ পৰা গুছাই দিয়াৰ অস্ত্ৰোপচাৰ কৰিলেহে বহুসময়ত গলব্লাডাৰৰ কৰ্কটৰোগ ধৰা পৰে। গলব্লাডাৰত হোৱা পাথৰো গলব্লাডাৰৰ কৰ্কটৰোগৰ আন এক মুখ্য কাৰক হ’ব পাৰে যদিও, অধিকাংশ গলব্লাডাৰত পাথৰ হোৱা ৰোগীয়েই গলব্লাডাৰৰ কৰ্কটৰোগত আক্ৰান্ত নহয়। গতিকেই গলব্লাডাৰৰ কৰ্কটৰোগ সম্পৰ্কে পূৰ্বেই নিজে কিছু সজাগতা আৰু সচেতনতা অৱলম্বন কৰা প্ৰয়োজন আৰু মাজে-সময়ে চিকিৎসকৰ দিহা-পৰামৰ্শ লোৱাৰো প্ৰয়োজন। আৰু লক্ষণসমূহে দেখা দিলে অনতিপলমে চিকিৎসকৰ কাষ চপা জৰুৰী।

চিকিৎসকৰ কাষ চপাৰ পিছত ভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পিছত চিকিৎসক অৱগত হ’ব যে ৰোগীজন গলব্লাডাৰৰ কৰ্কটৰোগত আক্ৰান্ত হৈছে নে নাই। তেনে কেইবিধমান পৰীক্ষণৰ প্ৰক্ৰিয়া হৈছেঃ-

১) লেবৰেট’ৰীৰ পৰীক্ষণঃ লেবৰেট’ৰীত এনিমিয়া,বৰ্দ্ধিত বিলৰুবিনৰ মাত্ৰাকে আদি কৰি ভিন্নধৰণৰ লক্ষণৰ পৰীক্ষণ কৰা যায়, যি গলব্লাডাৰৰ কৰ্কটৰোগ ধৰা পেলোৱাত সহায়ক হয়।

২) আলট্ৰাচ’ন’গ্ৰাফীঃ এই পৰীক্ষণ প্ৰক্ৰিয়াত পেটৰ ভিন্ন অংগৰ ভিতৰলৈকে উচ্চ শক্তিসম্পন্ন শব্দ তৰংগ প্ৰেৰণ কৰা হয়। যাৰ ফলস্বৰূপে,পেটৰ ভিতৰৰ কোষিকা আৰু অংগত সেই শব্দ তৰংগই খুন্দা খাই প্ৰতিধ্বনিৰ সৃষ্টি কৰে। সেই প্ৰতিধ্বনিয়েই পেটৰ ভিতৰৰ কোষিকাৰ এখন ছবি তৈয়াৰ কৰে,যাক চ’ন’গ্ৰাম বোলা হয়। এই প্ৰক্ৰিয়াৰ দ্বাৰাও গলব্লাডাৰৰ কৰ্কটৰোগৰ পৰীক্ষণ কৰা হয়। চ’ন’গ্ৰাফী গলব্লাডাৰৰ কৰ্কটৰোগ ধৰা পেলোৱাৰ আন এক অতি গুৰুতৰ পৰীক্ষণ।

৩) চি ই চি টি এবড’মেনঃ এইবিধ পৰীক্ষণ প্ৰক্ৰিয়াত দেহৰ ভিতৰৰ সমূহ অংশৰ বিভিন্ন কোণৰ পৰা অতি নিখুঁতৰূপত ইখনৰ পিছত সিখনকৈ ছবি লোৱা যায়। এই ছবিবোৰ এনে এক কম্পিউটাৰৰ দ্বাৰা গ্ৰহণ কৰা হয়,যি এক এক্স-ৰে মেচিনৰ সৈতে সংযুক্ত হৈ থাকে। এই পৰীক্ষণ প্ৰক্ৰিয়াক কম্পিউটাৰড ট’ম’গ্ৰাফী বুলিও কোৱা হয়। গলব্লাডাৰৰ কৰ্কটৰোগ নিৰ্ধাৰণ কৰাত এই পৰীক্ষণে এক বিশেষ ভূমিকা পালন কৰিবলৈ সক্ষম।

৪) এম আৰ আই (মেগনেটিক ৰেজনেঞ্চ ইমেজিঙ)ঃ এইবিধ পৰীক্ষণ প্ৰক্ৰিয়াত চুম্বক, তেজস্ক্ৰিয় তৰংগ আৰু কম্পিউটাৰৰ ব্যৱহাৰ কৰি পুংখানুপুংখভাবে দেহৰ অভ্যন্তৰৰ ভিন্ন অংগৰ ইখনৰ পিছত সিখনকৈ ছবি লোৱা যায়। গতিকেই গলব্লাডাৰৰ পৰীক্ষণৰ বাবেও ই এক উপযোগী পৰীক্ষণ প্ৰক্ৰিয়া।

৫) পেট স্কেন (পজিট্ৰ’ন ইমিছন ট’ম’গ্ৰাফী স্কেন)ঃ এইবিধ পৰীক্ষণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে দেহত কৰ্কটৰোগজনিত টিউমাৰৰ কোষ ধৰা পেলাব পাৰি। এই পৰীক্ষাত অতি সামান্য মাত্ৰাৰ ৰেডিঅ’এক্টিভ চুগাৰ বা গ্লুকজ দেহত চিৰিঞ্জৰ মাধ্যমেৰে সোমোৱাই দিয়া হয়। এই ৰেডিঅ’এক্টিভ চুগাৰ তেজত মিহলি হৈ পৰাৰ পিছত কৰা স্কেনত তেজত থকা কেঞ্চাৰজনিত কোষ স্পষ্ট হৈ জিলিকি উঠে। এই প্ৰক্ৰিয়াও গলব্লাডাৰ বা পিত্তথলীৰ কৰ্কটৰোগ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত অতি ফলদায়ী।

এতিয়া আহিছো গলব্লাডাৰৰ কৰ্কটৰোগ ধৰা পৰাৰ পিছত ইয়াৰ চিকিৎসা ব্যৱস্থাসমূহ কি কি দিশৰ ভেটিত গ্ৰহণ কৰা হয়,সেই দিশলৈ। অৰ্থাৎ ৰোগীজনৰ ৰোগবিধ কোন স্তৰত আছে আৰু কেনে চিকিৎসাৰ দ্বাৰা তেওঁৰ ৰোগৰ পৰা উপশম পাব পাৰিব। তেনে কেইটিমান দিশ হৈছে-

১) কৰ্কটৰোগৰ স্তৰ-অৰ্থাৎ,ৰোগবিধ গলব্লাডাৰতে সীমাবদ্ধ আছে নে গলব্লাডাৰৰ পৰা দেহৰ আন অংগলৈকো বিয়পি পৰিছে- সেই দিশলৈ লক্ষ্য ৰাখি কৰা চিকিৎসা।
২) অস্ত্ৰোপচাৰৰ দ্বাৰা কৰ্কটৰোগবিধ সম্পূৰ্ণৰূপে দেহৰ পৰা গুছাই দিব পৰা সম্ভৱ নে?
৩) কৰ্কটৰোগবিধৰ প্ৰকাৰ,অৰ্থাৎ মাইক্ৰ’স্কপত কৰ্কটৰোগৰ কোষসমূহ কেনে দেখা গৈছে।
৪) কৰ্কটৰোগবিধ মাত্ৰ ধৰা পৰিছে হে, নে এবাৰ হৈ উপশম পোৱাৰ পিছত পুনৰাই হৈছে

ইয়াৰ লগতে ৰোগীজনৰ বয়স তথা তেওঁৰ সামগ্ৰিক স্বাস্থ্যৰ অৱস্থাৰ ভেটিতো কৰ্কটৰোগৰ চিকিৎসা কেনেধৰণৰ হ’ব পাৰে,সেই কথা নিৰ্ভৰ কৰে। প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পৰিলে,অস্ত্ৰোপচাৰৰ দ্বাৰা গলব্লাডাৰৰ কৰ্কটৰোগ সম্পূৰ্ণৰূপে দেহৰ পৰা গুছাই দিয়া সম্ভৱ। এতিয়া আহিছোঁ কেনেধৰণৰ বা কি কি চিকিৎসা এজন গলব্লাডাৰৰ কৰ্কটৰোগীক প্ৰদান কৰা হয়,সেই বিষয়লৈ। গলব্লাডাৰ বা পিত্তথলীৰ কৰ্কটৰোগৰ চিকিৎসাৰ বহুধৰণৰ উপায় আছে। যেনেঃ-

১) অস্ত্ৰোপচাৰঃ ৰেডিকেল কলিচিষ্টেক্ট’মী নামৰ অস্ত্ৰোপচাৰৰ জড়িয়তে গলব্লাডাৰৰ কৰ্কটৰোগৰ চিকিৎসা কৰা হয়। এই প্ৰক্ৰিয়াত সাধাৰণতে লেপাৰস্ক’পিৰ মাধ্যমেৰে গলব্লাডাৰটো অস্ত্ৰোপচাৰৰ বাবে চোৱা হয় আৰু ইয়াৰ পিছত গলব্লাডাৰটো আৰু লগতে গলব্লাডাৰৰ লগতে থকা লিভাৰৰ দুই চেন্টিমিটাৰ অংশ আৰু বাইল ডাক্ট বা পাচক নলীকাৰ ওপৰত থকা লসিকা গ্ৰন্থিবোৰ দেহৰ পৰা সম্পূৰ্ণৰূপে নিষ্কাষণ কৰি দিয়া হয়। যদিহে কৰ্কটৰোগবিধ ইতিমধ্যেই বিয়পি পৰিছে আৰু ইয়াক নিষ্কাষণৰ উপায় নাই,তেতিয়া আন কেইটিমান অস্ত্ৰোপচাৰৰ প্ৰক্ৰিয়াৰে ৰোগৰ লক্ষণসমূহ নিয়ন্ত্ৰণত ৰখাব পৰা যায়।

২) ৰেডিয়েচন থেৰাপীঃ এই প্ৰক্ৰিয়া উচ্চ শক্তিসম্পন্ন এক্স-ৰে ৰ দ্বাৰা চিকিৎসা কৰা হয়। যিয়ে কেঞ্চাৰৰোগৰ কোষসমূহ মাৰি পেলোৱাৰ লগতেই এই কোষসমূহৰ পুনৰ বৃদ্ধিত বাধা প্ৰদান কৰে। প্ৰক্ৰিয়া উচ্চ শক্তিসম্পন্ন এক্স-ৰে ৰ দ্বাৰা চিকিৎসা কৰা হয়। যিয়ে কেঞ্চাৰৰোগৰ কোষসমূহ মাৰি পেলোৱাৰ লগতেই এই কোষসমূহৰ পুনৰ বৃদ্ধিত বাধা প্ৰদান কৰে।

৩) কেম’থেৰাপীঃ কেম’থেৰাপী হৈছে কেঞ্চাৰৰোগৰ এনে এবিধ চিকিৎসা প্ৰক্ৰিয়া য’ত এনে দৰৱৰ প্ৰয়োগ কৰা হয়,যাৰ ফলত কেঞ্চাৰৰোগৰ কোষসমূহৰ বৃদ্ধিত,বাধা প্ৰদান কৰে। এই প্ৰক্ৰিয়াত হয় কেঞ্চাৰজনিত কোষসমূহক মাৰি পেলোৱা হয়,অথবা এই কোষসমূহক বিভক্ত হোৱাত বাধা দিয়া হয়। কেম’থেৰাপী হয় মুখেৰে সেৱন কৰিব দিয়া হয়,অথবা সীৰাৰ মাধ্যমেৰে দেহত ভৰাই দিয়া হয়।

তদুপৰি এতিয়া নিত্যনতুন চিকিৎসা প্ৰক্ৰিয়াৰো গলব্লাডাৰ কেঞ্চাৰৰোগৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। তেনে প্ৰক্ৰিয়া যেনেঃ-
১)ৰেডিয়েচন চেনচিটাইজাৰ
২)টাৰ্গেটেড থেৰাপী
৩)ইমিউন’থেৰাপী

এই চিকিৎসাসমূহ গ্ৰহণ কৰাৰ ফলস্বৰূপে ৰোগীয়ে কিছু পাৰ্শ্বক্ৰিয়া সন্মুখীন হ’ব পাৰে। গতিকেই ইয়াৰ বাবে প্ৰস্তুত হ’বলৈ চিকিৎসা গ্ৰহণ কৰাৰ আগতেই চিকিৎসকৰ পৰা ভালদৰে দিহা-পৰামৰ্শ বা বাৰ্তালাপ কৰি ল’ব পাৰে।

(লেখক ডাঃ বিক্ৰম কুমাৰ ডেকা দিল্লীৰ মেক্স হাস্পতালত কৰ্মৰত। তেখেত এগৰাকী কেন্সাৰ ৰোগ বিশেষজ্ঞ,ৰ’ব’টিক শল্য চিকিৎসক। চিকিৎসক ডাঃ বিক্ৰম কুমাৰ ডেকাৰ ফোনঃ-৯৫৬০৬৩০২০৫)

ডাঃ বিক্ৰম কুমাৰ ডেকা

ডাঃ বিক্ৰম কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

August 27, 2025 2:16 pm
আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

August 27, 2025 2:02 pm
গাজাত সাংবাদিকক হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

গাজাত সাংবাদিকক হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

August 27, 2025 1:56 pm
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: ধুবুৰীত দুৰ্গা পূজালৈকে অব্যাহত থকিব শ্বুট-এট-চাইট অৰ্ডাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: ধুবুৰীত দুৰ্গা পূজালৈকে অব্যাহত থকিব শ্বুট-এট-চাইট অৰ্ডাৰ

August 27, 2025 12:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

August 27, 2025 2:16 pm
আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

August 27, 2025 2:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd