গোৱালপাৰাত জুৱাৰীৰ শিলাবৰ্ষণত প্ৰাণ লৈ পলায়ন অসম আৰক্ষীৰ

injured Police personal

আঘাতপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী

গোৱালপাৰা জিলাৰ আজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলবলাত সোমবাৰে বিয়লি জুৱাৰীৰ আক্ৰমণত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সহ দুগৰাকী আৰক্ষীৰ লোক আহত হোৱা ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, সোমবাৰে বিয়লি আগিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উমাচৰণ ৰায়ৰ নেতৃত্বত এটা আৰক্ষীৰ দলে বলবলাত দেৱালী উপলক্ষে চলি থকা জুৱা খেল বন্ধ কৰিবলৈ গৈছিল।

জুৱা খেল বন্ধ কৰিব যোৱা আৰক্ষীৰ দলটো দেখা মাত্ৰকে জুৱাৰীৰ দলটোৱে আৰক্ষীক উদ্দেশ্যি শিলাবৰ্ষণ কৰে।

জুৱাৰীৰ শিলাবৰ্ষণত আগিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উমাচৰণ ৰায়ৰ লগতে আন দুগৰাকী কনিষ্টবল আহত হয় ৷

জুৱাৰীৰ দলটোৰ আক্ৰমণ ইমানেই তীব্ৰতৰ আছিল যে ঘটনাস্থলীৰ পৰা আৰক্ষীৰ দলটোৱে কোনোমতে প্ৰাণ বচাই পলাই আহিবলৈ সক্ষম হয় ।

আনহাতে, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰায় সহ কনিষ্টবল দুজনক ইতিমধ্যে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে ৷

স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত কৰা অভিযোগ মতে, আগিয়া আৰক্ষী থানাৰ বিষয়া গৰাকীয়ে বৃহৎ পৰিমানৰ ধনৰ বিনিয়মত জুৱাৰ চক্ৰটো বহিবলৈ দিছিল আৰু এদিন পিছতে সেই চক্ৰ উৎখাত কৰিবলৈ যোৱাত জুৱাৰীৰ দলটোৱে ওলোটাই আৰক্ষীক আক্ৰমণ কৰে ৷

আৰক্ষীক আক্ৰমণৰ ঘটনাৰ পাছতে আৰক্ষীয়ে বলবলাত জুৱাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে।