NORTHEAST NOW (Assamese)

টিহুত বিবাহিতা মহিলাক দলবদ্ধ ধৰ্ষণ; ২জন আটক, ৩জন পলাতক

October 25, 2018 2:33 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

নলবাৰী জিলাৰ টিহুত বুধবাৰে সংঘটিত এক জঘন্য ঘটনাত এগৰাকী বিবাহিতা মহিলাক ৫ জনকৈ লোকে মিলি ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে।

প্ৰাপ্ত তথ্য মতে, এ এছ-০১-ডি জি-৩০৫৬ নম্বৰৰ এখন এল্ট’ গাড়ীত অহা ৫ গৰাকী যুৱকে টিহুৰ নাথকুচিত বজাৰলৈ গৈ থকা মহিলা গৰাকীক উঠাই লৈ গৈছিল। ইয়াৰ পিছত মহিলাগৰাকীক  ধৰ্ষণ কৰি তেওঁৰ হাত-ভৰি বান্ধি কৰ্কাবাৰীৰ হাবিত পেলাই থৈ যায়।

ঘটনা সংক্ৰান্তত ভুক্তভোগী মহিলা গৰাকীৰ পৰিয়ালৰ লোকে টিহু আৰক্ষীত এক গোচৰ ৰুজু কৰিছে।

ইয়াৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে অভিযান আৰম্ভ কৰি দলটোৰ দুগৰাকী অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়। তেওঁলোকক নুৰুল আলী আৰু বকুল নাথ বুলি চিনাক্ত কৰা হৈছে।

অৱশ্যে ঘটনাৰ সৈতে জড়িত দলটোৰ আন ৩ গৰাকী সদস্য ক্ৰমে কিশোৰমোহন দাস, ৰূপধন আলী আৰু মেৰাজুল আলীক বাতৰি লিখা পৰলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই টিহু আৰক্ষী।

Related News