বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামত মুখামুখি হ’ব সৌৰভ গাংগুলী আৰু জয় শ্বাহ

বিচিচিআইৰ বাবে ২৪ ডিচেম্বৰৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কিয়নো সেই দিনটোত আহমদাবাদত অনুষ্ঠিত হ’ব ব’ৰ্ডৰ বৈঠক।

এই বৈঠকতে ব’ৰ্ডৰ আগন্তুক দিনৰ কাম-কাজৰ বিস্তৃত আলোচনা হ’ব।

আনহাতে এই বৈঠকৰ পূৰ্বে অৰ্থাৎ আজি বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম চৰ্দাৰ পেটেল মোটেৰাত হ’ব এখন বন্ধুত্বমূলক মেচ। বিচিচিআইৰ ব’ৰ্ড সদস্যসকলে এই মেচখনত অংশ ল’ব।

এই মেচখনক লৈ বৰ্তমান সৰ্বত্ৰে চৰ্চা হৈ আছে কিয়নো মেচখনত মুখামুখি হ’ব সৌৰভ গাংগুলী আৰু জয় শ্বাহ।

১০ অ’ভাৰৰ হ’বলগীয়া এই মেচখন আজি সন্ধিয়া ৪ বজাত আৰম্ভ হ’ব।

ইয়াৰ পিছত অৰ্থাৎ ২৪ ডিচেম্বৰত হ’বলগীয়া ব’ৰ্ডৰ বৈঠকত ২০২১-২২ বৰ্ষৰ আইপিএল আৰু ইংলেণ্ডৰ ভাৰত ভ্ৰমণ সম্পৰ্কেও আলোচনা হোৱাৰ সম্ভাৱনা আছে।

আগন্তুক বৰ্ষৰ আই পি এলত দলৰ সম্প্ৰসাৰণ হ’ব নে নহয় সেই কথাও নিৰ্ধাৰণ হ’ব এই বৈঠকতে।

উল্লেখ্য যে অহা বৰ্ষৰ ফেব্ৰুৱাৰি-মাৰ্চ মাহত ভাৰত ভ্ৰমণলৈ আহিব ইংলেণ্ড। এই ভ্ৰমণচোৱাত ভাৰতে ইংলেণ্ডৰ সৈতে মুঠ ১২খন আন্তঃৰাষ্ট্ৰীয় মেচত অংশ ল’ব।

এই ১২ খন মেচৰ ৭ খন মেচেই অনুষ্ঠিত হ’ব নৱনিৰ্মিত মোটেৰা ষ্টেডিয়ামত।