৪৮ বছৰীয়া সৌৰভ গাংগুলীৰ বিস্ফোৰক অৰ্ধশতকেও বচাব নোৱাৰিলে দলক

আহমদাবাদত বিচিচিআইৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হোৱাৰ প্ৰাকমূহুৰ্তত বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহৰ দলৰ মাজত এখন বন্ধুত্বপূৰ্ণ খেল অনুষ্ঠিত হৈছিল।

প্ৰাক্তন ভাৰতীয় অধিনায়ক আৰু বৰ্তমানৰ বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে দীৰ্ঘদিনৰ পিছত খেলপথাৰত অৱতৰণ কৰিলেও কিন্তু তেওঁ এই মেচখনত এক বিস্ফোৰক অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হয়।

বুধবাৰে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম মোটেৰা ষ্টেডিয়ামত গাংগুলী নেতৃত্বাধীন প্ৰেচিডেন্টছ ইলেভেন আৰু জয় শ্বাহ নেতৃত্বাধীন চেক্ৰেটেৰি ইলেভেনৰ এখন ১২-১২ অ’ভাৰৰ খেল অনুষ্ঠিত হৈছিল।

মেচখনত প্ৰথমে বেটিং কৰি জয় শ্বাহৰ চেক্ৰেটেৰি ইলেভেনে নিৰ্ধাৰিত ১২ অ’ভাৰত ৩ টা উইকেট হেৰুৱাই ১২৮ ৰান সংগ্ৰহ কৰে।

চেক্ৰেটেৰি ইলেভেনৰ হৈ জয়দেব শ্বাহে ৩৮ আৰু ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজাহাৰুদ্দিনে ৩৭ ৰানৰ ইনিংছ খেলে।

১২৯ ৰানৰ প্ৰত্যুত্তৰত সৌৰভ গাংগুলীৰ দলে নিৰ্ধাৰিত অ’ভাৰত মাত্ৰ ১০০ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

এইদৰে জয় শ্বাহৰ নেতৃত্বাধীন চেক্ৰেটেৰি ইলেভেনে গাংগুলীৰ দলক ২৮ ৰানৰ ব্যৱধানত পৰাস্ত কৰে।

কিন্তু ৪৮ বছৰীয়া সৌৰভ গাংগুলীৰ প্ৰদৰ্শন আছিল আকৰ্ষণীয়। তেওঁ মাত্ৰ ৩২ টা বলত অপৰাজিত ৫৩ ৰানৰ এক ধুমুহা গতিৰ ইনিংছ খেলিছিল।

এই ইনিংছটোত গাংগুলীয়ে ৬টা চাৰি আৰু এটা ছয় কোবায়। চেক্ৰেটেৰি ইলেভেনৰ তৰফৰ পৰা জয় শ্বাহে ২ টা উইকেট লাভ কৰে।

উল্লেখ্য যে গাংগুলীয়েও আক্ৰমণাত্মক বেটিং কৰাৰ পূৰ্বে হাতত বলো তুলি লোৱা পৰিলক্ষিত হয়। তেওঁ ৩ অ’ভাৰ বল কৰি ২৬ ৰান খৰচ কৰি এটা উইকেট দখল কৰে।

উল্লেখ্য যে আজি বিচিচিআইৰ বাবে ২৪ ডিচেম্বৰৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কিয়নো আজি আহমদাবাদত অনুষ্ঠিত হ’ব ব’ৰ্ডৰ বৈঠক।

এই বৈঠকতে ব’ৰ্ডৰ আগন্তুক দিনৰ কাম-কাজৰ বিস্তৃত আলোচনা হ’ব।

আগন্তুক বৰ্ষৰ আই পি এলত দলৰ সম্প্ৰসাৰণ হ’ব নে নহয় সেই কথাও নিৰ্ধাৰণ হ’ব এই বৈঠকতে।