স্বায়ত্ত শাসিত পৰিষদৰ দাবীত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰিব গাৰো সংগঠনে

Goalpara-750x375

গোৱালপাৰাৰ বাখৰাপুলত অনুষ্ঠিত ইউ জি অ’ৰ বৈঠকৰ এটি মুহূৰ্ত। ফটো : নৰ্থইষ্ট নাও

কেইবাটাও গাৰো সংগঠনৰ সন্মিলত মঞ্চ গাৰো ইউনাইটেড গাৰো অ’ৰ্গেনাজেশ্যন ( ইউ জি অ’), অসমে শনিবাৰে সিদ্ধান্ত গ্ৰহণ কৰে যে উপগ্ৰহীয় ভিত্তিত স্বায়ত্ত পৰিষদৰ তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী সন্দৰ্ভত তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব।

গোৱালপাৰাৰ দুধনৈ-দমৰা পথৰ বাখৰাপুলত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত বিশেষকৈ গোৱালপাৰা আৰু কামৰূপ (গ্ৰাম্য) জিলাত বাস কৰা গাৰো সম্প্ৰদায়ৰ লোকসকলৰ অৱস্থাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়।

কেইবাজনো বক্তাই তেওঁলোকৰ ভাষণত চৰকাৰৰ বিৰুদ্ধে ক্ষোভৰ লগতে সম্প্ৰদায়টোৰ লোকসকলৰ দুৰৱস্থাৰ সন্দৰ্ভত চিন্তা ব্যক্ত কৰে। অসমৰ এই জিলা দুখনৰ গাৰো অধ্যুষিত লোকসকল শিক্ষা, পৰিবহন, স্বাস্থ্য আদি বিভিন্ন ৭এত্ৰত পিছ পৰি থকাৰ ক্ষেত্ৰত নেতাসকলে চৰকাৰকে জগৰীয়া কৰে।

গোৱালপাৰাৰ বাখৰাপুলত অনুষ্ঠিত ইউ জি অ’ৰ বৈঠকৰ এটি মুহূৰ্ত। ফটো : নৰ্থইষ্ট নাও

‘’ অসমত আমি আমাৰ গণতান্ত্ৰিক অধিকাৰ বিচাৰি এটা দশকতকৈয়ো অধিক কাল যুঁজ দি আহিছো। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দুয়োজনেই আমাৰ সমস্যাসমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। অৱশ্যে এই বছৰবোৰত একোৱেই পৰিৱৰ্তন নহ’ল,’’- ইউ জি অ’ৰ অন্তৰ্ভুক্ত সংগঠন গাৰো নেশ্যনেল কাউন্সিল আছামৰ সভাপতি থেংছিল চাংমাই এইদৰে কয়।

চাংমাই লগতে জনায়, ‘’ আমি এইবাৰ অসমত বাস কৰি থকা গাৰো লোকসকলৰ বাবে এখন উপগ্ৰহীয় স্বায়ত্ত পৰিষদ দীৰ্ঘদিনীয়া দাবীটো লৈ অক্টোবৰৰ দ্বিতীয় সপ্তাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙ আৰু গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুক সাক্ষাৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।‘’

‘’ গাৰোসকল উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি থলুৱা জনগোষ্ঠীসমূহৰ অনত্যম। তেওঁলোকক সাৰ্বজনীক অধিকাৰসমূহ উপভোগ কৰাৰ বাবে আত্মনিয়ন্ত্ৰ্ৰণৰ অধিকাৰ দিব লাগে। গাৰোসকলক ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু জাতীয়তা আদি সন্দৰ্ভত নিজৰ ভৱিষ্যৎ নিৰ্ণয় কৰাৰ বাবে ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত এখন স্বায়ত্ত পৰিষদ দিব লাগিব,’’- চাংমাই কয়।

তেওঁ লগতে আঙুলিয়াই দিয়ে যে ৰাজ্যখনত বসবাস কৰা আন জনগোষ্ঠীসকলৰ তুলনাত গাৰোসকলৰ প্ৰতি চৰকাৰে অন্যায় কৰিছে।