অধিবক্তাৰ হাতত হেণ্ডকাফ লগাই বিপদত আৰক্ষী :  ৫ লাখ টকাৰ জৰিমনা ভৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

এইবাৰ অসম আৰক্ষীক জৰিমনা ভৰাৰ নিৰ্দেশ প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। অসম আৰক্ষীয়ে এজন অধিবক্তাৰ অধিকাৰ খৰ্ব কৰাৰ বাবে ৫ লাখ টকাৰ জৰিমনা ভৰাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। 

দুমাহৰ ভিতৰত অধিবক্তাজনক ক্ষতিপূৰণ দিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

এই গোচৰটো ২০১৬ চনত গুৱাহাটীৰ পাণ বজাৰ আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত অধিবক্তা আৰু এজন হোমগাৰ্ড জোৱানৰ মাজত সংঘটিত হৈছিল এক বিবাদৰ।

গৃহৰক্ষী মোড ফৈজুল হকৰ গাত হাত দিয়াৰ অভিযোগত অসম আৰক্ষীয়ে অধিবক্তাগৰাকীক গ্ৰেপ্তাৰ কৰি হেণ্ডকাফ লগাইছিল।

এই গোচৰটো ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত ৰুজু হৈছিল।

কিন্তু হাতত হেণ্ডকাফ লগোৱাৰ বাবে উচ্চতম ন্যায়ালয়ৰ নীতি-নিৰ্দেশনাক উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰিছিল অধিবক্তাগৰাকীয়ে।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে হেণ্ডকাফ ব্যৱহাৰৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে।

সুনীল বাতৰা বনাম দিল্লী প্ৰশাসন (১৯৭৮) গোচৰত আদালতে ৰায় দিছিল যে হেণ্ডকাফ ব্যৱহাৰ কৰাটো আৰক্ষীৰ ন্যায্য হ’ব লাগিব আৰু ইয়াক শাস্তি হিচাপে ব্যৱহাৰ কৰা উচিত নহয়।

আদালতে লগতে কয় যে অহিংস অপৰাধ, মহিলা, আৰু নাবালকৰ ক্ষেত্ৰত হেণ্ডকাফৰ ব্যৱহাৰ এৰাই চলিব লাগে।

আদালতে আৰু কয় যে হেণ্ডকাফ ব্যৱহাৰ শেষ উপায় হ’ব লাগে আৰু অতি সোনকালে ইয়াক আঁতৰাই পেলাব লাগে।

উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো ভাৰতত হেণ্ডকাফ লগোৱাৰ প্ৰথা ব্যাপক হৈয়েই আছে।

২০১০ চনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ এক প্ৰতিবেদন অনুসৰি উত্তৰ প্ৰদেশ, বিহাৰ, জম্মু-কাশ্মীৰকে ধৰি কেইবাখনো ৰাজ্যত হেণ্ডকাফৰ ব্যৱহাৰ প্ৰচলিত।

প্ৰতিবেদনত আৰু কোৱা হৈছে যে আৰক্ষীয়ে প্ৰায়ে শাস্তি হিচাপে হেণ্ডকাফ ব্যৱহাৰ কৰে, আৰু কিছুমান ক্ষেত্ৰত বন্দীসকলক দীৰ্ঘ সময়ৰ বাবে হেণ্ডকাফত ৰখা হয়, যাৰ ফলত শাৰীৰিক আৰু মানসিক আঘাতৰ সৃষ্টি হয়।

এই প্ৰথাই ব্যক্তিৰ মৰ্যাদা আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ খৰ্ব কৰে আৰু ইয়াৰ ফলত শাৰীৰিক আৰু মানসিক ক্ষতি হ’ব পাৰে।