• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনকাউণ্টাৰৰ পিছত এইবাৰ বুলড’জাৰ! হিমন্ত বিশ্ব চৰকাৰক ন্যায়ৰ পাঠ পঢ়ালে উচ্চ ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2023 6:16 pm
Gauhati High Court on Batadroba bulldoze
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত যেন হাইঠা মাটিত পৰিল! নেজ পেলাবলৈ বাধ্য হ’ল মহাপৰাক্ৰমী বুলি জ্ঞান কৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ। উচ্চ ন্যায়ালয়ৰ ওচৰত নতশিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। আইনী যুঁজত শ’লঠেকত পৰি হাৰ মানিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে।

এনকাউণ্টাৰৰ পিছত এইবাৰ বুলড’জাৰকলৈও উচ্চ ন্যায়ালয়ত মুখঠেকেচা খালে ৰাজ্য চৰকাৰে। বটদ্ৰৱাৰ বুলড’জাৰ কাণ্ডকলৈ শেণ হোৱা চৰকাৰ অৱশেষত হ’লগৈ ফেঁচাটো। যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশৰ বুলড’জাৰ ৰাজনীতি অনুসৰণ কৰি নিন্দিত হ’ল হিমন্ত বিশ্বৰ চৰকাৰ।

বটদ্ৰৱাৰ সংখ্যালঘু লোকৰ বাসগৃহৰ ওপৰত বুলডজাৰ চলোৱা চৰকাৰী বিষয়াৰ বিৰুদ্ধে ক্ষুব্ধ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়। ইমানেই নহয় দোষী চৰকাৰী বিষয়াক অতি শীঘ্ৰেই শাস্তি প্ৰদান কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ন্যায়ালয়ৰ ৰায় অনুসৰি ১৫ দিনৰ ভিতৰতে শাস্তি দিব লাগিব দোষী চৰকাৰী বিষয়াক।

লগতে চৰকাৰে ক্ষতিপূৰণ দিব লাগিব ভুক্তভোগী সংখ্যালঘু লোকক। বুলড’জাৰেৰে তচনচ কৰা বাসগৃহও নিৰ্মাণ কৰি দিব লাগিব চৰকাৰে। উল্লেখ্য যে যোৱা বৰ্ষৰ ২১ মে’ত সংখ্যালঘু সম্প্ৰদায়ৰ এগৰাকী মাছমৰীয়া আৰক্ষীৰ জিম্মাত মৃত্যু ঘটিছিল। আৰক্ষীৰ প্ৰহাৰত লোকজনৰ মৃত্যু হোৱাৰ অভিযোগ তুলি একাংশ লোকে বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ কৰে।

ইয়াৰ পাছতে জিলা প্ৰশাসনৰ সহযোগ আৰক্ষীয়ে থানাৰ অগ্নি সংযোগ কাণ্ডত জড়িত থকাৰ অভিযোগত কেবাটাও পৰিয়ালৰ বাসগৃহ বুলডজাৰেৰে ভাঙি তচতন কৰি পেলায়। চৰকাৰৰ এই আইনবিৰোধী কাণ্ডৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ ৩/২০২২ নং গোচৰ ৰুজু কৰি এই ঘটনাৰ বিৰুদ্ধে বিচাৰ আৰম্ভ কৰে।

যোৱা ১৭ নৱেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্ৰহণ চৰকাৰ তথা গৃহ বিভাগক তীব্ৰ ককৰ্থনা কৰে। ইমানেই নহয় উচ্চ ন্যায়ালয়ে চৰকাৰ তথা গৃহ বিভাগক প্ৰশ্ন কৰিছিল যে এয়া আৰক্ষীৰ আইনী ব্যৱস্থা, অথবা তদন্ত নে গেং ৱাৰ? আৰক্ষী অধীক্ষকক বুলড’জাৰেৰে অভিযুক্তৰ ঘৰ ভঙাৰ ক্ষমতা কোনে দিলে বুলি প্ৰশ্ন তুলিছিল ন্যায়ালয়ে?

মংগলবাৰে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ আদালতে গোচৰটোৰ চূড়ান্ত শুনানি গ্ৰহণ কৰে। চূড়ান্ত শুনানি গ্ৰহণ ন্যায়াধীশ শইকীয়াই কয় যে দোষী চৰকাৰী বিষয়াক ১৫ দিনৰ ভিতৰতে চৰকাৰে শাস্তি প্ৰদান কৰিব লাগিব। লগতে ভুক্তভোগীসকলক ক্ষতিপূৰণো দিব লাগিব। ন্যায়াধীশৰ এই ৰায়ত নতজানু হৈ চৰকাৰে তদন্ত কৰি ১৫ দিনৰ ভিতৰত শাস্তি প্ৰদান কৰা হ’ব বুলিও অৱগত কৰে।

ইফালে চৰকাৰী উদ্ধতালিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে কঠোৰ হোৱাত সন্তোষ প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠন আৰু লোকে। ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছে। দলটোৱে ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই কয়ে উত্তৰ প্ৰদেশৰ পৰা বুলডজাৰৰ ৰাজনীতিক কেৱল আদালতহে বন্ধ কৰিব পাৰিব।

মুঠতে নিজকে মহাপৰাক্ৰমী বুলি জ্ঞান কৰি অহা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এটোৰ পিছত সিটো ন্যায়ালয়ৰ ককৰ্থনা খাবলৈ আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এনকাউণ্টাৰকলৈও চৰকাৰৰ বিৰুদ্ধে কঠোৰ হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়।

নিজকে প্ৰৱল পৰাক্ৰমী বুলি জ্ঞান কৰি অহা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অহা ১৫ দিনৰ ভিতৰতে দোষী বিষয়াক শাস্তি বিহিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

September 19, 2025 8:13 pm
মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

September 19, 2025 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd