অসমত মাদ্ৰাছা বন্ধৰ সিদ্ধান্তত ছীল মোহৰ মাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

WhatsApp Image 2022-02-05 at 9.07.37 AM

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমত মাদ্ৰাছা বন্ধৰ চৰকাৰী সিদ্ধান্তত ছীল মোহৰ মাৰিলে। ২০২০ চনত মাদ্ৰাছা শিক্ষা বন্ধৰ বাবে চৰকাৰে আনিছিল নতুন আইন।

Assam Repealing Act 2020 ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত দাখিল কৰা  লেখ আবেদনৰ সন্দৰ্ভত আদালতে অসম বিধানসভাত গৃহীত হোৱা আইনখনক যথাযোগ্যতা প্ৰদান কৰি চৰকাৰী সিদ্ধান্ত বাহাল ৰাখে।

উল্লেখ্য যে অসম চৰকাৰে মাদ্ৰাছা বন্ধৰ সিদ্ধান্ত লোৱাৰ সময়ত ৰাজ্যত বহু বিতৰ্কৰ সৃষ্টি হৈছিল।

অসম চৰকাৰে ৰাজ্যখনৰ সকলো চৰকাৰী মাদ্ৰাছা বন্ধ কৰি এনে ধৰণৰ ৬২০খনতকৈয়ো অধিক মাদ্ৰাছা শিক্ষানুষ্ঠান যোৱা বছৰৰ ১এপ্ৰিলৰ পৰা সাধাৰণ স্কুললৈ সলনি কৰাৰ সিদ্ধান্ত লৈছিল।

লগতে পঢ়ক: জুকাৰবাৰ্গৰ বেয়া দিন! ধনীৰ তালিকাত তেওঁক অতিক্ৰমি আগবাঢ়িল আদানি আৰু আম্বানি

যোৱা ২০২০চনৰ ৩০ ডিচেম্বৰত Assam Repealing Act 2020 বিধানসভাত গৃহীত হোৱাৰ পাছত ৰাজ্যপালৰ অনুমোদন লাভ কৰে।

আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ত ১৩জনকৈ আবেদনকাৰীয়ে দাখিল কৰা এখন লেখ আবেদন নাকচ কৰি মুখ্য ন্যায়াধীশ সুধাংশু ধুলীয়া আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ খণ্ড বিচাৰপীঠে Assam Repealing Act 2020ৰ সাংবিধানিক বৈধতা অটুট ৰাখে।