২০১৯ চনৰ গুৱাহাটী গ্ৰেনেড বিস্ফোৰণৰ অভিযুক্তক জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ফাইল ফটো।

২০১৯ চনৰ গুৱাহাটী গ্ৰেনেড বিস্ফোৰণৰ গোচৰৰ অভিযুক্তৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে।

অভিযুক্ত ইন্দ্ৰ মোহন বৰাক জামিন প্ৰদান কৰি ন্যায়াধীশ মাইকেল জোথানখুমা আৰু মালাষ্ট্ৰী নন্দীৰ বিচাৰপীঠে উল্লেখ কৰে যে তেওঁৰ বিৰুদ্ধে দাখিল কৰা প্ৰমাণৰ পৰা তেওঁ গুৱাহাটী গ্ৰেনেড বিস্ফোৰণৰ গোচৰত জড়িত থকাৰ ইংগিত নিদিয়ে।

অৱশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে লগতে কয় যে অভিযুক্ত কোনো নিষিদ্ধ সংগঠনৰ সদস্য হ’ব পাৰে।

লগতে পঢ়কঃ বাৰাণসীৰ জ্ঞানবাপী মছজিদৰ বিতৰ্কিত অংশ খোলাৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে!

“বৰ্তমানৰ গোচৰত আপীলকাৰীজন সন্ত্ৰাসবাদী সংগঠনৰ সদস্য বুলি ধৰি ল’লে আপীলকাৰীক সন্ত্ৰাসবাদী সংগঠনৰ সদস্য বুলি দোষী সাব্যস্ত কৰিব পাৰি। কিন্তু এই গোচৰৰ তথ্যৰ প্ৰতি লক্ষ্য ৰাখি সঁহাৰিদাতাসকলৰ পৰৱৰ্তী দায়িত্ব হ’ব যে তেওঁ (এ-১) পাপ্পু কোচৰ সৈতে গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত আছিল বুলি দেখুৱাটো।’- অভিযুক্তক অপৰাধৰ সৈতে জড়িত কৰি সাক্ষীসকলে দিয়া ১৬১ নং ধাৰাত দিয়া বক্তব্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ অস্বীকাৰ কৰি উচ্চ ন্যায়ালয়খনে এইদৰে উল্লেখ কৰে।

উল্লেখ্য যে ২০১৯ চনৰ ১৫ মে’ত গুৱাহাটীৰ চেন্ট্ৰেল শ্বপিং মলৰ সমীপত গ্ৰেনেড বিস্ফোৰণত কমেও ১২ জন লোক আহত হৈছিল।

অভিযোগ উত্থাপন হৈছিল যে ইন্দ্ৰ মোহন বৰাই অসমৰ নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা-স্বাধীনৰ সদস্য পাপ্পু কোচক লজিষ্টিক সহায় আগবঢ়াইছিল।

লগতে পঢ়কঃ অষ্ট্ৰেলিয়ান অ’পেনত বিশ্বৰ ২৭ নম্বৰক পৰাস্ত কৰি ইতিহাস ৰচিলে ভাৰতৰ সুমিত নাগালে

অভিযোগ উঠিছিল যে বিস্ফোৰণৰ পূৰ্বে বৰাই পাপ্পু কোচৰ সৈতে ৩৩ বাৰ মোবাইল ফোনত যোগাযোগ কৰিছিল।