ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা অজনজাতীয় লোকক উচ্ছেদৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Gauhati HC Judges donate for fight against COVID-19

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফাইল ফটো

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ ট্ৰাইবেল বেল্ট আৰু ব্লক সমূহত মাটি দখল কৰি থকা সকলো অজনজাতীয় লোকক তাৰ পৰা উচ্ছেদ কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

প্ৰদ্যুৎ কুমাৰ বৰায়ে দাখিল কৰা ৰাজহুৱা স্বাৰ্থজৰিত আৱেদন (PIL)ৰ উত্তৰত সোমবাৰে (৩০ ডিচেম্বৰ) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ অচিন্ত মল্ল বুজৰবৰুৱাৰ বিচাৰপীঠে এই নিৰ্দেশ দিয়ে।

ট্ৰাইবেল বেল্ট আৰু ব্লক সমূহত অজনজাতীয় লোকে চলাই অহা বেদখল ৰোধ কৰিবলৈ বৰাই ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছিল।

ন্যায়ালয়ে বঙাইগাঁও, কামৰূপ (মহানগৰ), মৰিগাঁও, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাৰ উপায়ুক্তসকলৰ লগতে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু উদালগুৰি জিলাৰ দায়িত্বত থকা বিটিচিৰ মুখ্য সচিবলৈ উক্ত নিৰ্দেশ জাৰি কৰিছে।

জানিব পৰা মতে উক্ত ৯খন জিলাত জনজাতীয় ভূমি আটাইতকৈ বেছি বেদখল কৰা হৈছে।

জিলা উপায়ুক্তসকলৰ লগতে বিটিচিৰ মুখ্য সচিবক ন্যায়ালয়ে অহা ৩ ফেব্ৰুৱাৰিৰ ভিতৰত উচ্ছেদ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ৫ ফেব্ৰুৱাৰিত গেচৰৰ পুনৰ শুনানি গ্ৰহণ কৰা হ’ব।

ন্যায়ালয়ে জাননীযোগে উপায়ুক্ত আৰু সংশ্লিষ্ট আন বিষয়াসকলক ১৮৮৬ চনৰ আইনখনৰ দশম দফা কঠোৰভাৱে বলৱৎ কৰিবলৈ নিৰ্দেশ দিছে। এইক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰা বিষয়াসকলৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি জাননীত প্ৰকাশ।

ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী হ’লে বড়োলেণ্ডৰ ট্ৰাইবেল বেল্ট আৰু ব্ল’ক সমূহৰ ৩,৮৯,৭০৫ বিঘা মাটি দখল কৰি থকা ১,০১,৭২৩ গৰাকী বেদখলকাৰী উচ্ছেদৰ সন্মূখীন হ’ব।